ছলমানৰ ভাৰত ছুপাৰ হিট, ১৫ দিনত ২৯০ কোটি…

ছলমানৰ ভাৰত ছুপাৰ হিট, ১৫ দিনত ২৯০ কোটি…

author-image
asomiyapratidin
New Update
ছলমানৰ ভাৰত ছুপাৰ হিট, ১৫ দিনত ২৯০ কোটি…

ডিজিটেল ডেস্কঃ ঈদৰ দিনাই ছবিঘৰত মুক্তি পোৱা ছলমানৰ ছবি ভাৰত বক্স অফিচত হল ছুপাৰ ডুপাৰ হিট। মুক্তিৰ দিনাই ছবিখনে প্ৰায় ৪৩ কোটি টকা উপাৰ্জনেৰে সৃষ্টি কৰিছিল অভিলেখ। ছলমান, কেটৰীণাৰ দমদাৰ অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা হিন্দী ছবি ভাৰত মুক্তিৰ ১৫ টা দিনৰ পাছতো বহু ছবিঘৰত ফুল হাউচ। ১৯ জুনৰ লৈকে এই ছবিখনে উপাৰ্জন কৰিছে ২৯০ কোটি টকা। ২৯০ কোটিৰ ভিতৰত ৬৬ কোটি টকা ছবিখনে উপাৰ্জন কৰিছে বিদেশত। দেশৰ ছবি বিশ্লেষকসকলে সদৰি কৰা অনুসৰি ছবিখনে আৰু ২ টা দিনৰ ভিতৰতে ৩০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰিব।