/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/10/badsah.jpg)
ডিজিটেল ডেস্কঃ বলীউডৰ বিখ্যাত ৰেপাৰ বাদশ্বাহ সদায় তেওঁৰ নতুন গানেৰে চৰ্চালৈ কেন্দ্ৰ হৈ থাকে। তেওঁৰ গানবোৰে মুক্তি লাভৰ লগে লগে, অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হয়। বাদশ্বাহে সামাজিক মাধ্যমতো যথেষ্ট সক্ৰিয় আৰু তেওঁৰ জ্ঞাত ঘটনাবোৰৰ বিষয়ে অনুৰাগীসকলৰ লগত চেয়াৰ কৰে।
বাদশ্বাহে অলপতে শ্বেয়াৰ কৰিছে তেওঁৰ মুখৰ এখন ফটো। যিয়ে তেওঁৰ অনুৰাগীসকলৰ মাজত উদ্বেগ সৃষ্টি কৰিছে। বাদশ্বাহ এই ফটোখন তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত চেয়াৰ কৰিছে সামাজিক মাধ্যমত যিটো যথেষ্ট ভাইৰেল হৈ আছে।
বাদশ্বাহৰ এই ফটোখনত দেখা গৈছে যে তেওঁৰ মুখ, নাক আৰু গালত বহুতো দাগ। বাদশ্বাহে প্ৰকাশ কৰিছে যে এয়া ৰ'দে পোৰাৰ ফলত হৈছে। বাদশ্বাহে অলপতে ছুটি উদযাপন কৰিবলৈ মালদ্বীপলৈ গৈছিল। ৩ লাখ ৩৬ হেজাৰতকৈয়ো অধিক লোকে চাইছে তেওঁৰ এই ফটোখন।