/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/ser-4.jpg)
ডিজিটেল ডেস্কঃ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা গান। ঋাৰখণ্ডৰ এটা সৰু লৰাই প্ৰথমে স্কুলত গাইছিল গানতো। ইয়াৰ পিছতে ছচিয়েল মিডিয়াৰ সকলো প্লেটফৰ্মত বনজুঁইৰ জৰে বিয়পি পৰিছিল গানটো। সৰু লৰাটোৱে গোৱা গানটো আছিল- Bachpan Ka Pyaar। গানটো ইমানেই ভাইৰেল হৈ পৰিল যে, বলিউদৰ ডাঙৰ ডাঙৰ তাৰকাই এই গানটোত ভিডিঅও বনালে। কেৱল বলিউদৰে নহয় বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত জনপ্ৰিয় লোকসকলেও গীতটোক লৈ যথেষ্ট চৰ্চা কৰিলে।
গীতটোক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে সংগীত পৰিচালক কথা কন্ঠশিল্পী বাদশ্বাহে ঘোষণা কৰিছিল যে, এই সৰু লৰাটোক লৈ এই গানটোৱেই ৰিমেক কৰি সুন্দৰভাৱে সজাই-পৰাই ভিডিঅ আকাৰত ৰিলিজ দিয়া হব। কথা মতেই কাম কৰি বাদশ্বাহে শেহতীয়াকৈ মুকলি কৰিলে এই গানটোৰ ভিডিঅ। ভিডিঅটোত সৰু লৰাটো অথাৎ Sahdev Dirdoৱেও অভিনয় কৰিছে।
শেহতীয়াকৈ মুকলি হোৱা এই গানটোৰ ভিডিঅ, চাব পাৰিব তলৰ লিংকত-