ছুপাৰ হিট টাইগাৰৰ – Baaghi 3

ছুপাৰ হিট টাইগাৰৰ – Baaghi 3

author-image
asomiyapratidin
New Update
ছুপাৰ হিট টাইগাৰৰ – Baaghi 3

ডিজিটেল ডেস্কঃ একচন আৰু ৰোমাঞ্চেৰে ভৰপূৰ হিন্দী ছবি 'বাগী-৩' য়ে দৰ্শকৰ অভূতপূৰ্ব সহাৰি লাভ কৰিছে। টাইগাৰ শ্ৰফ, ৰিতেশ দেশমুখ আৰু শ্ৰদ্ধা কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনে মুক্তিৰ ৩ টা দিনৰ অন্তত উপাৰ্জন কৰিছে প্ৰায় ৫৩.৮৩ কোটি টকা।

Advertisment

মুক্তিৰ প্ৰথম দিনাই ১৭.৫০ কোটি, দ্বিতীয় দিনা ১৬.০৩ কোটি আৰু তৃতীয় দিন অথাৎ দেওবাৰে উপাৰ্জন কৰিছে ২০.৩০ কোটি টকা। বিশ্বৰ প্ৰায় ১৪০০ টা ছবিগৃহত মুক্তি দিয়া ছবিখনৰ বিশেষকৈ একচনক সকলোৱে উচ্চ প্ৰশংসা কৰা দেখা হৈছে। আহমেদ খানৰ পৰিচালনাত নিৰ্মাণ হোৱা ছবিখনে এসপ্তাহৰ ভিতৰতে ১০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰাৰো সম্ভাৱনা প্ৰকাশ কৰিছে ছবি সমালোচকসকলে।