চিন্তিত আয়ুষ্মান খুৰানা! অনলাইনত উপলব্ধ হ’ল ‘বালা’…

চিন্তিত আয়ুষ্মান খুৰানা! অনলাইনত উপলব্ধ হ’ল ‘বালা’…

author-image
asomiyapratidin
New Update
চিন্তিত আয়ুষ্মান খুৰানা! অনলাইনত উপলব্ধ হ’ল ‘বালা’…

ডিজিটেল ডেস্কঃবহু বিতৰ্কৰ আৰু অভিযোগৰ পাছতঅৱশেষত বলিউডৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰানাৰ ছবি 'বালা'ই মুক্তি লাভ কৰিলেছবিগৃহত। এই ছবিখনৰ ট্ৰেইলাৰ মুকলি পোৱাৰ পাছৰে পৰা সকলোৱে অপেক্ষা কৰিছিল ছবিখনচাবলৈ। প্ৰায়ে  সামাজিক বিষয়ক লৈ নিৰ্মাণকৰা ছবিত অভিনয় কৰা আয়ুষ্মান খুৰানাৰ বালা শীৰ্ষক ছবিখনেও জয় কৰিছে দৰ্শকৰ হৃদয়।কিন্তু ছবি মুক্তি লাভ কৰাৰ পাছতেই আন এক কাৰণত চিন্তিত হৈ পৰিছে নিৰ্মাতাসকল।

Advertisment

আয়ুষ্মান খুৰানাই অভিনয় কৰা এইছবিখন ছবিগৃহত মুক্তিৰ পাছতেই অনলাইনত উপলব্ধ হোৱা বুলি অভিযোগ উত্থাপন হৈছে। বলিউডতলাইফ ড'ট ক'মৰ খবৰ অনুসৰি, আয়ুষ্মান খুৰানাৰ ছবিখন অনলাইনযোগে পাইৰেচী কৰা হৈছেআৰু অবৈধভাৱে ডাউনল'ড কৰাৰ বাবে উপলব্ধ কৰোৱা হৈছে। আৰু এই ঘটনাৰ সৈতে তামিলৰ'কৰ্ছ নামৰ ৱেবছাইটক অভিযোগ কৰিছে ছবিখনৰ নিৰ্মাতাসকলে।  

উল্লেখ্য যে, আয়ুষ্মান খুৰানাঅভিনীত এই ছবিখনে মুক্তিৰ প্রথম দিনাই এক বৃহৎ পৰিমানৰ ধন উপাৰ্জন কৰিবলৈ সক্ষমহৈছে। 'বালা' শীৰ্ষক ছবিখনে প্ৰথম দিনটোতেই ১০.১৫ কোটি টকা উপাৰ্জন কৰিছিল। এইছবিখনত আয়ুষ্মান খুৰানাৰ উপৰিও, য়ামী গৌতম, ভূমি পেডনেকৰ, যাৱেদ জাফৰী, সৌৰভশুকলাৰ দৰে অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।