কৃতী শিক্ষয়িত্ৰী সাহিত্যিক পেঞ্চনাৰ ললিতা দেৱীলৈ “গজেন্দ্ৰ নাথ চহৰীয়া ন্যাস বঁটা”

কৃতী শিক্ষয়িত্ৰী সাহিত্যিক পেঞ্চনাৰ ললিতা দেৱীলৈ “গজেন্দ্ৰ নাথ চহৰীয়া ন্যাস বঁটা”

author-image
asomiyapratidin
New Update
কৃতী শিক্ষয়িত্ৰী সাহিত্যিক পেঞ্চনাৰ ললিতা দেৱীলৈ “গজেন্দ্ৰ নাথ চহৰীয়া ন্যাস বঁটা”

ডিজিটেল সংবাদ,মঙলদৈঃ কেইবা বছৰো ধৰি দৰং জিলা সাহিত্য সভাই কৃতী শিক্ষক, সাহিত্যিক পেঞ্চনাৰ প্ৰয়াত গজেন্দ্ৰ নাথ চহৰীয়াৰ সোঁৱৰণত সদৌ অসম ভিত্তিত "গজেন্দ্ৰ নাথ চহৰীয়া শিশু সাহিত্য বঁটা" প্ৰদান কৰি আহিছে। ২০২০-২২ বৰ্ষৰ বাবে এই বঁটা কৃতী শিক্ষয়িত্ৰী, সাহিত্যিক পেঞ্চনাৰ ললিতা দেৱীক প্ৰদান কৰে । দৰং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু জিলা সাহিত্য সভাৰ শৈলেন ৰাজবংশী আৰু সম্পাদক গৌতমানন্দ গোস্বামীৰ তৎপৰতাত এই বঁটা প্ৰদান অনুষ্ঠানটি ১৩ মাৰ্চ, ২০২১ তাৰিখে দৰং জিলা সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়।

অনুষ্ঠানত ললিতা দেৱীয়ে সভাৰ উদ্যোগত প্ৰচলন কৰিবলৈ লোৱা সদৌ অসম ভিত্তিত "কুসুম বালা দেৱী জীৱন যোৰা সাধনা সাহিত্য বঁটা" (মহিলা সাহিত্যিকলৈ) প্ৰদান কৰে। এই বঁটা ২০১৮-২০ বৰ্ষৰ বাবে ড০ অঞ্জলি শৰ্মা আৰু ২০২০-২২ বৰ্ষৰ বাবে ড০ স্বাধীনতা মহন্তই লাভ কৰে। সভাত দেৱীয়ে সম্পাদনা কৰা শিশু আলোচনী 'অঙ্কুৰণ' উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সমাজ সেৱক, সাহিত্যিক ড০ অমৰেন্দ্ৰ নাৰায়ণ দেৱে। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম সাহিত্য সভাৰ 'ৰামধেনু' উপ-সমিতিৰ উপ-সভাপতি কৰুণা কান্ত শৰ্মা, জিলা সাহিত্য সভাৰ উপ-সভাপতি বৰদা শইকীয়াৰ লগতে জিলা সাহিত্য সভাৰ অৰ্ধ শতাধিক বিষয়ববীয়া উপস্থিত থাকে।