/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/84798574-c266-4e51-bdaa-38f94331daf6.jpg)
ডিজিটেল ডেস্কঃ মাৰ্ৱেলৰ বহু প্ৰত্যাশিত ছবি 'এভেঞ্জাৰ্ছঃ এণ্ডগেম'ৰ নিৰ্মাতা আৰু অভিনেতা-অভিনেত্ৰীসকলে ছবিখন পাইৰেছী নহ'বৰ বাবে চেষ্টা কৰাৰ পাছতো অৱশেষত ইন্টাৰনেটৰ কেইটামান ৱেবছাইটত এই ছবিখন উপলব্ধ হোৱা বুলি জানিব পৰা গৈছে। ভেৰাইটী ড'ট কমে বুধবাৰে জাৰি কৰা এক সমীক্ষা অনুসৰি, ফিল্মখনৰ লীক হোৱা কপিটো চীনৰ এটা ছবিগৃহৰ।
পাইৰেছী নিউজ ছাইট ট'ৰেন্টফ্ৰীকৰ মতে, চীনৰ কোনো লোকে পেয়াৰ টু পেয়াৰ নেটৱৰ্কৰ জৰিয়তে সন্ধিয়া ৪ৰ পৰা ৫ বজাৰ ভিতৰত এই ছবিখনৰ ১.২ জিবিৰ ফাইল শ্বেয়াৰ কৰা আৰম্ভ কৰিছিল। অৱশ্যে নিউজ ছাইটটোৱে জনায় যে এই ভিডিঅ' কেমেৰাযোগে লোৱা এই পাইৰেটেড কপীৰ গুণগতমান অতি নিম্ন।
Did someone say… Tomorrow? #Endgamepic.twitter.com/RQrNKj5Hyv
— Robert Downey Jr (@RobertDowneyJr) April 24, 2019
উল্লেখ্য যে, ভাৰতত এভেঞ্জাৰ্ছঃ এণ্ডগেম ছবিখন শুকুৰবাৰে মুক্তি পাব। ইতিমধ্যে এই ছবিখন চাবলৈ প্ৰায় ১০ লাখ দৰ্শকে টিকট বুকিং কৰিছে। ভাৰতত কোনো এখন ছবি চাবলৈ ইমান বৃহৎ সংখ্যক লোকে টিকট বুকিং কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us