/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/bcbedf72-ef61-466d-8ec8-04ca79aca762/1 (30).jpg)
ডিজিটেল ডেস্ক: বিদুৰভাই।গীতৰেই হওঁক বা কাহিনীৰেই হওঁক, প্ৰতিগৰাকী দৰ্শকক বিশেষভাৱে মনোৰঞ্জন দিয়া এই ৱেব ছিৰিজখনৰ জনপ্ৰিয়তাৰ বিষয়ে হয়তো দোঁহৰাৰ প্ৰয়োজন নাই।পিছে এইবাৰ ৱেব ছিৰিজ নহয়, এখন পূৰ্ণদৈঘ্যৰ ছবি হিচাপে দৰ্শকে উপভোগ কৰিব পাৰিব ‘বিদুৰভাই’।হয়, মুক্তিৰ বাবে এতিয়া সাজু বহু চৰ্চিত এই ৱেব ছিৰিজখনৰ ছিকুৱেল ছবি ‘বিদুৰভাই’।
ৰুটষ্টক এণ্টাৰটেইনমেন্টৰ বেনাৰত নিৰ্মিত এই ছবিখন প্ৰযোজনা কৰিছে অৰ্ণৱ হাজৰিকাই।পৰিচালনা, চিত্ৰনাট্য, সম্পাদনা আৰু সংলাপ সুব্ৰত কাকতিৰ। ‘বিদুৰভাই’ৰ সহযোগী পৰিচালক হেমন্ত গগৈ আৰু জ্যোতিষ্মান চেতিয়া।সহকাৰী পৰিচালক হিচাপে কাম কৰিছে হীৰকজ্যোতি বৰদলৈ, সমুদ্ৰ বৰা আৰু মানবেন্দ্ৰ বৰাই।
ছবিখনত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে চুমকী কছাৰী, বলীন বৰা, উজ্জ্বল ৰাজখোৱা, ত্ৰৈলুক্য বৰুৱা, নিতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধ ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, হীৰকজ্যোতি বৰদলৈ, আনন্দ বৰুৱা, আছিফ জাভেড, দীপমনি খাটনিয়াৰকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে।‘বিদুৰভাই’ৰ কাহিনী সুব্ৰত কাকতি আৰু জ্যোতিষ্মান চেতিয়াৰ। সংগীত পৰিচালনাৰ দায়িত্বত আছে প্ৰণয় দত্ত। গীতৰ কথা সুব্ৰত কাকতি আৰু সমীৰ শেখৰৰ।গীতসমূহত কণ্ঠদান কৰিছে আচুৰ্য বৰপাত্ৰ, দীক্ষু শৰ্মা আৰু প্ৰণয় দত্তই।ছবিখনৰ মূখ্য চিত্ৰগ্ৰহণকাৰী বিতুল দাস, সহযোগী চিত্ৰগ্ৰহণকাৰী উত্তম কলিতা।শব্দত আছে সৌভিক ফুকন।‘কালাৰ গ্ৰেডিং’ৰ কাম কৰিছে আজানুৰ ৰহমানে।
আনহাতে, ‘বিদুৰভাই’ৰ কলা নিৰ্দেশনা মণ্টু গোঁহাইৰ। ‘প্ৰডাকচন মেনেজাৰ’ হীৰক গগৈ।ফটোগ্ৰাফী কৰিছে মৃদুপৱনে।ছ’বিখনৰ প’ষ্টাৰ ডিজাইন কৰিছে নংথমবাম দীপকে। ছবিখনত ভিএফএক্সৰ কাম কৰিছে ম’কথাং মুছাহাৰী আৰু উপম দাসে।‘বিদুৰভাই’ৰ সহ প্ৰযোজনা আচুৰ্য বৰপাত্ৰ, দীক্ষু শৰ্মা, কল্যান বৰুৱা, শৈলেন কুমাৰ শৰ্মা, মনোজ বৰাইক,ভাৰ্গৱ খাউণ্ড, ৰমানন্দ শইকীয়া, দিগন্ত গগৈ, অপৰাজ শইকীয়া, তৃষাণু চক্ৰৱৰ্তী আৰু পংকজ মহন্তৰ। ছবিখনৰ সন্দৰ্ভত পৰিচালত সুব্ৰত কাকতিয়ে জানিবলৈ দিয়া মতে, ‘বহল পটভূমিত পূৰ্বৰ আধাৰতে এই নতুন ছবিখনৰ কাহিনী আগবঢ়াই নিয়া হৈছে। অসমৰে ভিন্ন প্ৰান্তত দৃশ্যগ্ৰহণ কৰা ছবিখনত দৰ্শকে পূৰ্বতকৈ অধিক কমেডী, ড্ৰামাসহ সম্পূৰ্ণ মনোৰঞ্জন লাভ কৰিব।দৰ্শকেও ছবিখন উপভোগ কৰি ভাল পাব।এই ছিৰিজৰ পৰৱৰ্তী ছবিৰ নিৰ্মাণৰ কাম হয়তো আমি অতি সোনকালেই হাতত ল’ম।’ উল্লেখ্য যে, মুক্তিৰ পূৰ্বেই সীমাহীন চৰ্চাত থকা ‘বিদুৰভাই’ ১৯ জুলাইত ছবিগৃহলৈ আহিব।
Also Read: পঞ্জাৱ-হিমাচলৰ বিবাদত চিন্তিত ‘বলীউডৰ কুইন’