৮ বছৰীয়া প্ৰেমৰ সৰ্ম্পক, অৱশেষত বিবাহপাশত আৱদ্ধ হ’ল মোহময়ী অভিনেত্ৰী অমৃতা গগৈ…

৮ বছৰীয়া প্ৰেমৰ সৰ্ম্পক, অৱশেষত বিবাহপাশত আৱদ্ধ হ’ল মোহময়ী অভিনেত্ৰী অমৃতা গগৈ…

author-image
asomiyapratidin
New Update
৮ বছৰীয়া প্ৰেমৰ সৰ্ম্পক, অৱশেষত বিবাহপাশত আৱদ্ধ হ’ল মোহময়ী অভিনেত্ৰী অমৃতা গগৈ…

ডিজিটেল ডেস্কঃ ৮ বছৰৰ প্ৰেমৰ সৰ্ম্পকৰ পাছত অৱশেষত বিবাহপাশত আৱদ্ধ হ'ল অসমীয়া ছবিজগতৰ মোহময়ী অভিনেত্ৰী অমৃতা গগৈ। হোমৰ জুইক সাক্ষী কৰি যোৰহাট নিবাসী তথা তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ কনিষ্ঠ অভিযন্তা মনদ্বীপ কাকতিৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। বুধবাৰে শিৱসাগৰৰ কালুগাঁৱত সম্পন্ন হয় অমৃতা আৰু মনদ্বীপৰ বিয়া।

Advertisment

কেইবাখনো অসমীয়া ছবি, ধাৰাবাহিকৰ লগতে গানৰ ভিডিঅত অভিনয় কৰি অসমবাসীৰ আদৰ বুটলিবলৈ সক্ষম হোৱা অমৃতাই বিয়াৰ পিচতো কৰি যাব অভিনয়। উল্লেখ্য যে, এটা বছৰৰ বাবে হেঙুল থিয়েটাৰতো চুক্তিৱদ্ধ হৈছিল অমৃতা।