/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-07/0y3bgpa4/alankrita 7.jpg)
টৰেণ্ট' ছবি মহোৎসৱত এঞ্জেলিনা জলীৰ সৈতে ৰেড কাৰ্পেটত খোজ দিব অসম কন্যা অলংকৃতাই ...
ডিজিটেল সংবাদ শিৱসাগৰঃ অসম কন্যা অলংকৃতা বৰাই বোলছবি জগতত ভৰি দি সফলতা অৰ্জন কৰিছে ৷ সম্প্ৰতি মুম্বাইৰ বাসিন্দা অলংকৃতা বৰাই “ তাৰা এণ্ড আকাশ” নামৰ হিন্দী আৰু ইংৰাজী ভাষাৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবিখনত মূল অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-07/9jai48rq/f0b3409c-4277-4fe7-a3b8-c15600f031b5.jpg)
যিখন ছবিখন কানাডাৰ টৰেন্ট’ত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱলৈ নিৰ্বাচিত হৈছে ৷ অলংকৃতাই হলিউদৰ খ্যাতনামা অভিনেত্ৰী এঞ্জেলিনা জলীৰ লগত অসম কন্যা অলংকৃতা বৰাই টৰেন্ট’ৰ ৰেড কাৰ্পেটত একেলগে খোজ দিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-07/46kzaa95/f238f2b4-346a-4b1d-8b8a-517c8a391708.jpg)
উল্লেখ্য যে অলংকৃতা বৰা শিৱসাগৰৰ অভিযন্তা গৌতম বৰা আৰু নমি বৰাৰ একমাত্ৰ তনয়া ৷ অলংকৃতা বৰ্তমান মায়া নগৰী মুম্বাইৰ বাসিন্দা হোৱাৰ বিপৰীতে পিতৃ, মাতৃ গুৱাহাটী মহানগৰীৰ বাসিন্দা ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-07/nfz4cll8/5e1dfd33-ea5d-4669-a45d-be769bc2740f.jpg)
কেইটামান মাহৰ পূৰ্বে অলংকৃতাই এখন নতুন চিনেমাৰ বাবে চুইজাৰলেণ্ড ট্যুৰিজমৰ লগত বুজাবুজিৰ চুক্তিও কৰিছিল। তাৰোপৰি তেওঁ Swiss Air ৰ লগতো চুক্তিবদ্ধ হৈছে৷ সেইমৰ্মে চিনেমাখনৰ ৭০ শতাংশ চুইজাৰলেণ্ডত আৰু ৩০ শতাংশ ভাৰতত শ্বুটিঙেৰে নিৰ্মাণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-07/04vgvnp2/bd62bd91-131b-4d1c-90c1-cc879aafde9d.jpg)
প্ৰায় ২০ ৰ পৰা ২২ জনীয়া এটা দলে যোৱা ১ জুলাইৰ পৰা চুইজাৰলেণ্ডৰ বিভিন্ন ঠাইত শ্বুটিং সমাপ্ত কৰি ছবিখনৰ কাম সমাপ্ত কৰে।চুইচ চৰকাৰে এই দলটোক বিমান যাত্ৰা, অতি বিলাসী ট্ৰেইন,বিখ্যাত Castle, হোটেল আৰু পৰ্যটনস্থলীসমূহ বিনামূলীয়াকৈ ভ্ৰমণ আৰু শ্বুটিঙৰ ব্যৱস্থা কৰি দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-07/o8g8qebp/941c59e8-7547-4d25-a8c4-a822ab327fb8.jpg)
চুইাজাৰলেণ্ড টুৰিজমৰ উচ্চপদৰ প্ৰতিনিধিৰ লগতে স্থানীয় প্ৰশাসন, আৰক্ষীয়ে এইক্ষেত্ৰত সহায়-সহযোগ আগবঢ়াইছে বুলিও জনাইছে। অলংকৃতাই ইতিমধ্যে ৰেড কাৰ্পেটত খোজ দিয়াৰ বাবে টৰেন্ট’ত উপস্থিত হৈছেগৈ ৷
Also Read: বৰহোলাত অনলাইন ট্ৰেডিঙৰ নামত ধন সংগ্ৰহ কৰা এজনক আটক...