কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ বিশিষ্ট অভিনেতা, পৰিচালক অৰুণ গুহ ঠাকুৰতাৰ মৃত্যু…

কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ বিশিষ্ট অভিনেতা, পৰিচালক অৰুণ গুহ ঠাকুৰতাৰ মৃত্যু…

author-image
asomiyapratidin
New Update
কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ বিশিষ্ট অভিনেতা, পৰিচালক অৰুণ গুহ ঠাকুৰতাৰ মৃত্যু…

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ চহৰৰ সোণালী পামত জন্ম গ্ৰহণ কৰা বিশিষ্ট অভিনেতা, পৰিচালক অৰুণ গুহ ঠাকুৰতা আৰু ইহসংসাৰত নাই।মহামাৰী কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মঙ্গলবাৰে সন্ধিয়া কলিকতাত তেওঁৰ মৃত্যু হয়।

Advertisment

মৃত্যুৰ সময়ত বয়স হৈছিল ৭৯ বছৰ। জানিব পৰা মতে, মঙলদৈত প্ৰাথমিক আৰু হাইস্কুল পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰা অৰুণ গুহ ঠাকুৰতা আছিল অভিনেতা, পৰিচালক, খেলুৱৈ। আনকি তেওঁ নাগাৰা নামৰ পাঠকো আছিল । বহু প্ৰতিভাৰ অধিকাৰী অৰুণ গুহ ঠাকুৰতাই ১৯৬৮ চনত গোৱালপাৰাত হোৱা অসম নাট্য সন্মিলনৰ একাংক নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল।

তদুপৰি মঙলদৈ, নগাঁও, বিশ্বনাথ চাৰিআলি আদি ঠাইত হোৱা প্ৰতিযোগিতাতো সাফল্য লাভ কৰিছিল। মেট্ৰিক পাছ কৰি কলকাতাত উচ্চ শিক্ষাৰ বাবে যোৱা অৰুণ গুহ ঠাকুৰতা নাটকৰ লগতে চিনেমা জগতত প্ৰৱেশ কৰে। তাৰপৰা আহি ১৯৭০ চনত মঙলদৈ ইউনাইটেড ক্লাবে প্ৰযোজনা কৰা আৰু বিশিষ্ট পৰিচালক সমৰেন্দ্ৰ নাৰায়ন দেৱৰ 'অৰণ্য' চলচ্চিত্ৰত অভিনয় কৰিছিল।

ইয়াৰ পিছতে পৰিচালক সমৰেন্দ্ৰ নাৰায়ন দেৱৰ লগত ছাঁৰ দৰে থাকি সহকাৰী পৰিচালক হিচাপে পুতলা ঘৰ, সোণৰ হৰিণ, কাজিৰঙাৰ কাহিনী, ৰাজা, বীৰ চিলাৰায় আদি ছবিত কাম কৰিছিল। এনে এজন প্ৰতিভাধৰ সহকৰ্মীক হেৰুৱাই বিশিষ্ট পৰিচালক সমৰেন্দ্ৰ নাৰায়ন দেৱ হৈ পৰিছে ব্যথিত। তেওঁ কয়, মোৰ সহপাঠীয়েই নহয় অৰুণ গুহ ঠাকুৰতা আছিল মোৰ প্ৰতিটো কামৰ সহযাত্ৰী। অভিনয়, পৰিচালনা, সম্পাদনা আদি কামৰ লগতে তেওঁ চিনেমাত প্ৰয়োজন হোৱা হাতী, কুকুৰ, মেকুৰী আদি জীৱ জন্তুৰ মাত নিজে উলিয়াইছিল। এনে প্ৰতিভা সম্পন্ন সহকৰ্মী মই কোনোকালে পোৱা নাছিলো। আজি মই শোকত ভাঙি পৰিছো।

আনহাতে মঙলদৈ ইউনাইটেড ক্লাবে সহযাত্ৰী বিশিষ্ট জনৰ মৃত্যু শোক প্ৰকাশ কৰিছে। ক্লাবৰ সভাপতি বীৰেণ মেধি, সম্পাদক পৰাগ ডেকা, সাধন দাস, মঙলদৈ ক্লাবৰ সম্পাদক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, অভিনেত্ৰী নিৰ্মালী দেৱী শৰ্মা, চপাই যুৱ কল্যাণ কেন্দ্ৰৰ সভাপতি হাছিনুৰ হুছেইন, সম্পাদক ৰমেশ চহৰীয়া, চপাই শাখা সাহিত্য সভাৰ সভাপতি লক্ষ্মীকান্ত শৰ্মা, সম্পাদক গণেশ দত্ত, চপাই থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি ৰমণী মোহন শৰ্মা, মঙলদৈ নাট্য সন্মিলনী, মঙলদৈ জেব্ৰা ফ'ৰ্চ, মঙলদৈ য়ুথ ক্লাব, মঙলদৈ জীপচী গিল্ড, মঙলদৈ টাউন ক্লাব, দৰং জিলা সাহিত্য সভা, প্ৰফুল্ল নগৰ শাখা সাহিত্য সভা, প্ৰবীণ নাগৰিক ফুলেন্দ্ৰনাথ চহৰীয়া, মুকুল গোস্বামী আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।