এনচিবিৰ চমন অগ্ৰাহ্য কৰিলে অভিনেতা অৰ্জুন ৰামপালে…

এনচিবিৰ চমন অগ্ৰাহ্য কৰিলে অভিনেতা অৰ্জুন ৰামপালে…

author-image
asomiyapratidin
New Update
এনচিবিৰ চমন অগ্ৰাহ্য কৰিলে অভিনেতা অৰ্জুন ৰামপালে…

ডিজিটেল ডেস্কঃ বলিউডৰ ড্ৰাগচৰ ঘটনাৰ লগত সম্পৰ্কীত হোৱাৰ অভিযোগত এনচিবিয়ে বুধবাৰে সোধ পোচৰ বাবে চমন দিছিল অভিনেতা অৰ্জুন ৰামপালক। অভিনেতাজনে এনচিবিৰ এই চমনত উপস্থিত হ'বলৈ অসমৰ্থতা ব্যক্ত কৰিছে।তেওঁ ২২ ডিচেম্বৰলৈ সময় বিচাৰিছে তদন্তকাৰী সংস্থাটোক।

Advertisment

উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৩ নবেম্বৰত এনচিবিয়ে দীঘলীয়া সোধ-পোচ কৰিছিল অভিনেতা অৰ্জুন ৰামপালক। এনচিবিয়ে অভিনেতাজনৰ ঘৰত সন্দেহজনক নিচাযুক্ত ঔষধ পাইছিল। সোধ-পোচত বলিউড অভিনেতা ডাক্তৰৰ উপদেশত সেয়া গ্ৰহণ কৰা বুলি উল্লেখ কৰিছিল আৰু ইয়াৰ প্ৰেছক্ৰিপছন এনচিবিক দেখুৱাইছিল যদিও সেয়া গ্ৰহণযোগ্য বুলি বিবেচনা কৰা নাছিল সংস্থাটোৱে।

সেই সোধ-পোচত অভিনেতাজনৰ সন্দৰ্ভত কিছু খেলিমেলিৰ অৱকাশ দেখিয়েই পুণৰ চমন পঠোৱা হৈছিল অভিনেতাজনলৈ।