জীৱন এনেকুৱাই! পাৰ্টি নহয়, জন্মদিনৰ নিশা থানাতহে থাকিল শ্বাহৰুখ তনয় আৰিয়ান…

জীৱন এনেকুৱাই! পাৰ্টি নহয়, জন্মদিনৰ নিশা থানাতহে থাকিল শ্বাহৰুখ তনয় আৰিয়ান…

author-image
asomiyapratidin
New Update
জীৱন এনেকুৱাই! পাৰ্টি নহয়, জন্মদিনৰ নিশা থানাতহে থাকিল শ্বাহৰুখ তনয় আৰিয়ান…

ডিজিটেল ডেস্কঃ জামিন পালেও ড্ৰাগছ কাণ্ডৰ পৰা মুকলি হব পৰা নাই শ্বাহৰুখ তনয় আৰিয়ান খান। বৰ্তমান প্ৰতিটো শুকুৰবাৰে এন চি বিৰ সোধ-পোচৰ সন্মুখীন হবলগীয়া হয় আৰিয়ান। যোৱা শুকুৰবাৰে দুভাগ নিশালৈকে আৰিয়ানক সোধ-পোচ কৰে এন চি বিৰ তদন্তকাৰী এটা দলে।

Advertisment

উল্লেখ্য যে, আজি (শনিবাৰ)হৈছে আৰিয়ানৰ জন্মদিন। জন্মদিনৰ দিনটোতো অথাৎ শুকুৰবাৰে ১২বজাৰ পিছতো এন চি বিৰ কাৰ্যালয়তে থাকিব লগা হল আৰিয়ান। আৰিয়ানে এইবাৰ ভৰি থৈছে ২৪বছৰ বয়সত। ১৯৯৭চনৰ ১৩ছেপ্তেম্বৰত জন্ম হৈছিল আৰিয়ান।

ইফালে তদন্তকাৰী দলটোৰ এগৰাকী সদস্যই জানিবলৈ দিয়া অনুসৰি, আৰিয়ানক সেইদিনা পাৰ্টিত কোন কোন উপস্থিত আছিল সেই সন্দৰ্ভত বিশদভাৱে সোধ-পোচ কৰি থকা হৈছে। তদন্তকাৰী দলটোক সম্পূৰ্ণৰূপে সহযোগিতা কৰিছে বুলি জানিবলৈ দিয়ে এন চি বিৰ বিষয়াসকলে। শুকুৰবাৰে নিশাই নবী আৰক্ষী থানাতো হাজিৰ হয় আৰিয়ান।