কিং খানৰ ‘বাজীগৰ’ গানৰ তালত নাচিলে আৰ্জেন্টিনাৰ তাৰকা ফুটবলাৰে, VIDEO

কিং খানৰ ‘বাজীগৰ’ গানৰ তালত নাচিলে আৰ্জেন্টিনাৰ তাৰকা ফুটবলাৰে, VIDEO

author-image
asomiyapratidin
New Update
কিং খানৰ ‘বাজীগৰ’ গানৰ তালত নাচিলে আৰ্জেন্টিনাৰ তাৰকা ফুটবলাৰে, VIDEO

ডিজিটেল ডেস্কঃ বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান। দমদাৰ অভিনয়েৰে দেশ-বিদেশৰ কোটি কোটি দৰ্শক মোহাচন্ন কৰি ৰাখিব পৰাই বাবেই বলিউদত শ্বাহৰুখ খানে লাভ কৰিছে এই আসন। প্ৰায় ২৫ বছৰীয়া অভিনয় কেৰিয়াৰত শ্বাহৰুখে উপহাৰ দিছে বহু কেইখন ছুপাৰহিট ছবি। ছবিৰ সমান্তৰালভাৱে সেই সময়ৰ হিট গানবোৰ এতিয়াও সকলোৰে মুখে মুখে।

শেহতীয়াকৈ আৰ্জেন্টিনাৰ এজন ফুটবলাৰে শ্বাহৰুখৰ ছবি বাজীগৰৰ এটা গীতত নৃত্য কৰাৰ ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। ফুটবলাৰ জন হৈছে আৰ্জেন্টিনাৰ ৰৰ্বাট পেৰেৰিয়া। বিগত Watford F.C প্ৰতিযোগিতাত ৰৰ্বাটে আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰি সকলোৰে চিনাকি মুখ হৈ পৰিছিল।

স্বাধীনতা দিৱসক সন্ধিয়া এই ভিডিঅটো ছচিয়েল মিডিয়াত আপলোড কৰাৰ পাছতে নিমিষতে ভাইৰেল হৈ পৰে ভিডিঅটো। এগৰাকী যুৱতীৰ সৈতে খেলপথাৰত ৰৰ্বাট পেৰেৰিয়াঈই কৰা নৃত্যৰ ভিডিঅটো-