পূৰ্বপত্নী মলাইকা অৰোৰাৰ দৰেই ৰূপৱতী আৰবাজ খানৰ কইনা

ভিনয়েই হওঁক অথবা বিতৰ্কই হওঁক, প্ৰায় সকলো সময়তে চৰ্চাৰ শীৰ্ষত থাকে বলীউডৰ অভিনেতা আৰবাজ খান।শেহতীয়াকৈ বিগ বছ ১৭ৰ দেওবাৰৰ খণ্ডটোত ভাতৃ ছোহেইলৰ সৈতে দেখিবলৈ পোৱা গৈছে আৰবাজ খানক।কিন্তু আন এক বিশেষ খবৰৰ বাবেহে সম্প্ৰতি অভিনেতাজন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে।

author-image
Asomiya Pratidin
New Update
পূৰ্বপত্নী মলাইকা অৰোৰাৰ দৰেই ৰূপৱতী আৰবাজ খানৰ কইনা

ডিজিটেল ডেস্ক: অভিনয়েই হওঁক অথবা বিতৰ্কই হওঁক, প্ৰায় সকলো সময়তে চৰ্চাৰ শীৰ্ষত থাকে বলীউডৰ অভিনেতা আৰবাজ খান।শেহতীয়াকৈ বিগ বছ ১৭ৰ দেওবাৰৰ খণ্ডটোত ভাতৃ ছোহেইলৰ সৈতে দেখিবলৈ পোৱা গৈছে আৰবাজ খানক।কিন্তু আন এক বিশেষ খবৰৰ বাবেহে সম্প্ৰতি অভিনেতাজন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে।

Advertisment

হয়, ২৪ ডিচেম্বৰত দ্বিতীয় বাৰৰ বাবে বিবাহ পাশত আবদ্ধ হ’ব ৫৬ বছৰীয়া আৰবাজ খান।যাৰ বাবে এতিয়া সকলোৰে মুখতে আৰবাজ আৰু তেওঁৰ ৰহস্যময়ী কন্যাৰ চৰ্চা চলিছে।আৰবাজৰ কইনাজনীৰ নাম শৌৰা খান। পেছাত এগৰাকী মেক-আপ আৰ্টিষ্ট।অনুৰাগীৰ মতে, মালাইকা অৰোৰাৰ দৰেই সুন্দৰী শৌৰা খান। মুক্তিৰ অপেক্ষাত থকা ছবি  'পাটনা শুক্লা'ৰ দৃশ্যগ্ৰহণৰ সময়ত আৰবাজে শৌৰাক প্ৰথম লগ পাইছিল।তাৰ পাছতে তেওঁলোকৰ প্ৰেম আৰম্ভ হয় আৰু দুয়ো বিবাহ পাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয়।'পাটনা শুক্লা'ত মূখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবীনা টেণ্ডনে।শৌৰা ৰবীনা আৰু তেওঁৰ কন্যা ৰাছা থাদানীৰ ব্যক্তিগত মেকআপ আৰ্টিষ্ট।

উল্লেখ্য যে, ১৯৯৮ ত মডেল-অভিনেত্ৰী মালাইকা অৰোৰাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল আৰবাজ খান।কিন্তু ২০১৭ চনত তেওঁলোক দুয়োৰে বিবাহ বিচ্ছেদ হয়।আৰবাজ আৰু মলাইকাৰ ২১ বছৰীয়া এটা পুত্ৰ সন্তানো আছে।এই বিচ্ছেদৰ পাছত আৰবাজ দীৰ্ঘ সময় ধৰি জিঅৰ্জিয়া আন্দ্ৰেনিৰ সৈতে সম্পৰ্কত আছিল যদিও শেহতীয়াকৈ সেই সম্পৰ্কৰো বিচ্ছেদ ঘটে।

Also Read: শীঘ্ৰেই বিবাহ পাশত আৱদ্ধ হ’ব ৪৩বছৰীয়া ‘বাহুবলী’