/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/anushka.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু জনপ্ৰিয় বলিউড অভিনেত্ৰী অনুষ্কা শৰ্মাৰ জীৱনলৈয়ো আহিল অতিকৈ আকাংক্ষিত খবৰটি। কোহলী আৰু অনুষ্কাৰ জীৱনলৈ আহিল এটি কণ্যা সন্তান।সামাজিক মাধ্যমত কোহলীয়ে এটা পোষ্ট চেয়াৰ কৰাৰ পিছত এই কথা সংবাদ মাধ্যমৰ পোহৰলৈ আহিছে।
সামাজিক মাধ্যমত কোহলীয়ে লিখিছে যে, তেওঁলোক দুয়ো এই খবৰ জনাবলৈ পাই অতন্ত্য সুখী যে সোমবাৰে তেওঁলোকৰ জীৱনলৈ এটি কণ্যা সন্তানৰ আগমন ঘটিছে। ইয়াৰ লগতে তেওঁ তেওঁলোকৰ অনুৰাগী সকলক তেওঁলোকৰ মৰম আৰু শুভকামনাৰ বাবে ধন্যবাদ জনায়। ইয়াৰ লগতে তেওঁ উল্লেখ কৰে যে অনুষ্কা আৰু তেওঁলোকৰ সন্তান বৰ্তমান সুস্থ।
— Virat Kohli (@imVkohli) January 11, 2021
উল্লেখ্য যে, বিগত সময়ছোৱাত ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ সকল ক্ৰমে ৰোহিত শৰ্মা, সুৰেশ ৰাইনা, হৰভজন সিং, গৌতম গম্ভীৰ, হৰভজন সিং, সৌৰভ গাংগুলি, শ্ৰী শ্ৰান্ত আদি ক্ৰিকেটাৰ সকললৈয়ো আগমন ঘটিছিল একো এগৰাকী লক্ষ্মী স্বৰুপা কণ্যা সন্তানৰ।চাইনা নেহৱাল, ইৰফান পাঠান, হৰভজন সিঙৰ লগতে কোহলীৰ অনুৰাগী আৰু বন্ধু, শুভাকাংশী মহলে এই সুখৰ খবৰটিৰ বাবে অভিনন্দন জনাইছে ক্ৰিকেটাৰজনক।