মুক্তিৰ বাবে সাজু ‘অনুৰ, আইজ অন দ্য ছানছাইন’

অনুৰ, আইজ অন দ্য  ছানছাইন
অনুৰ, আইজ অন দ্য ছানছাইন

ডিজিটেল ডেস্ক: সাহিত্য অকাদেমী বটাঁ প্ৰাপক সাহিত্যক অনুৰাধা শৰ্মা পুজাৰীৰ এটা ছুটি গল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছে এখন অসমীয়া ছবি। মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা এই ছবিখনৰ নাম 'অনুৰ, আইজ অন দ্য  ছানছাইন'।ডাঃ গোপেন্দ্ৰ মোহন দাসৰ প্ৰযোজনা আৰু মঞ্জুল বৰুৱাই পৰিচালনা কৰা বহু চৰ্চিত এই ছবিখন আগন্তুক বৰ্ষৰ ২৭ জানুৱাৰীত ৰাজ্যৰ সকলো ছবি গৃহতে মুক্তি লাভ কৰিব।

এই ছবিখনত মানুহৰ বৃদ্ধ অৱস্থাৰ এখন জীয়া ছবি তুলি ধৰা হৈছে। অসহায় আৰু অকলশৰীয়া বৃদ্ধলোকৰ নিৰাপত্তাহীন জীৱনেই ছবিখনৰ মূল কাহিনী।'অনুৰ, আইজ অন দ্য  ছানছাইন'য়ে ২৭সংখ্যক কেৰেলা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতৰ শ্ৰেষ্ঠ ৭ খন চিনেমাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ লগতে ২১সংখ্যক ঢাকা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, প্ৰথম মেঘালয় আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু নতুন দিল্লীৰ চতুৰ্থ ইণ্ডো-বাংলা চলচ্চিত্ৰ মহোৎসৱলৈও নিৰ্বাচিত হৈছে। এই ছবিখনত বলিউডৰ জনপ্ৰিয় অভিনেতা ৰজত কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।ডাঃ জাহানাৰা বেগম, বলৰাম দাস, উদয়ন দুৱৰা, বিভুটি ভুষন হাজৰিকা, ৰাজশ্ৰী শৰ্মা, বিদ্যা ভাৰতী, কুল-কুলদীপ, ডাঃ জয়ন্ত দাস, ৰয়ন্তী ৰাভা, অমুল্য কাকতি, মানস দাস, শ্ৰুতিমালা শইকীয়া, ময়ুৰ দাস, অঞ্জনাভ ৰাজখোৱা, কণমানি আখ্যা কাশ্যপকে ধৰি বহু ন-পুৰনি অভিনেতাৰ অভিনয়ো দৰ্শকে ছবিখনত উপভোগ কৰিবলৈ পাব। ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে সুমন দুৱৰাই।

ৰাষ্ট্ৰীয় বটাঁ প্ৰাপক সংগীত পৰিচালক তৰালি শৰ্মা সংগীত পৰিচালনাৰ দায়িত্বত আছে। গীত সমূহত কণ্ঠ দিছে ৰৰপম ভূঞা আৰু তৰাসী শৰ্মাই। ফেশ্যন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গৰ কষ্টিউম, অমৃত প্ৰীতমৰ শব্দ ডিজাইন, দেৱজিৎ চাংমাই শব্দ মিক্সিং, ৰাষ্ট্ৰীয় বটাঁপ্ৰাপক দেৱজিৎ গায়নৰ লকেচন চাউণ্ড ৰেকৰ্ডিং, ঘনশ্যাম কলিতাৰ ৰং ৰূপাংকন, তীব্ৰজ্যোতি বৈৰাগীৰ ৰূপসজ্জা, পণজিৎ চাংমাইৰ কলা নিৰ্দেশনা, হিমেন বৰাৰ প্ৰযোজনা নিয়ন্ত্ৰন কৰা ছবিখনত অন্বেষা কটকীয়ে স্ক্ৰীপ্ট ছুপাৰভাইজ কৰাৰ উপৰিও ডাইৰেক্টৰছ এছিছটেন্টৰ দায়িত্বত আছে।আনহাতে, 'অনুৰ, আইজ অন দ্য  ছানছাইন'ত মুখ্য সহকাৰী পৰিচালক হিচাপে কৰিছে ঘনশ্যাম কলিতা আৰু কাষ্টিং কৰিছে ৰনাল্ড হুছেইনে। সহকাৰী পৰিচালক হিচাপে আছে ৰনাল্ড হুচেইন আৰু সমৰ জ্যোতি সৰকাৰ। ছবিখনৰ ভিএফক্স কৰিছে লুমা পিক্সেল আৰু ৰাকেশ মেধিয়ে। ‘ছাৱটাইটেল’ৰ কাম কৰিছে আৰমবাম দেৱাশিষ সিংহই।প’ষ্টাৰ ডিজাইন কৰিছে ৰিতুপৰ্ন বৰা আৰু অভিজিৎ লস্কৰে।

ছবিখনৰ সন্দৰ্ভত পৰিচালক মঞ্জুল বৰুৱাই কয়, ‘সমাজৰ সঁচা কাহিনীৰ আধাৰত ছবিখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে।জীৱনৰ বিয়লি বেলাত জ্যেষ্ঠসকলে সন্মুখীন হোৱা বাস্তৱে কিদৰে তেওঁলোকৰ মন-মগজু গ্ৰাস কৰে, সেয়া ছবিখনত দেখুৱাবলৈ চেষ্টা কৰা হৈছে।ছবিখনত দৰ্শকে বলীউড অভিনেতা ৰজত কাপুৰক এক নতুন ৰূপত দেখিবলৈ পাব। ছবিখনৰ কাহিনীয়ে দৰ্শকক আকৰ্ষিত কৰিব বুলি মই অত্যন্ত আশাবাদী।’

অনুৰ, আইজ অন দ্য  ছানছাইন
অদ্ভুত মানসিক শক্তিৰ অধিকাৰী এই ৰাশিৰ লোক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in