/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/ananya-f3-4620-9103-7460e6921196-1.jpg)
ডিজিটেল ডেস্কঃ কালি পিলি, ষ্টুডেন্ট অৱ দ্য ইয়েৰ টু, পতি-পত্নী ঔৰ ৱ'হকে ধৰি বহু কেইখন বলিউডৰ ছবিত অভিনয় কৰা মোহময়ী অভিনেত্ৰী অনন্যা পাণ্ডেৰ সন্মুখত এতিয়া বিপদ। আৰয়ান খানকে ধৰি কেইবাজনকো গ্ৰেপ্তাৰ কৰা ড্ৰাগছ গোচৰত বলিউডৰ অভিনেত্ৰীগৰাকীৰ নাম সাঙুৰ খাইছে। এই সংক্ৰান্তত এনচিবিয়ে জেৰা কৰে অভিনেত্ৰীগৰাকীক।
শুকুৰবাৰে এনচিবিৰ এটা দল গৈ উপস্থিত হয়গৈ অভিনেত্ৰীগৰাকীৰ বাসগৃহত। বৃহস্পতিবাৰে দলটোৱে অভিনেত্ৰী অনন্যাক সোধপোছৰ বাবে এনচিবিৰ কাৰ্যালয়লৈ মাতি থৈ আহে। পিতৃৰ সৈতে এনচিবিৰ কাৰ্যালয়ত উপস্থিত হয়হি অভিনেত্ৰীগৰাকী। এনচিবিৰ বিষয়াই অভিনেত্ৰীগৰাকীক এই ঘটনা সন্দৰ্ভত সোধ-পোছ কৰাৰ লগতে তেওঁৰ লেপটপ আৰু ফোন জব্দ কৰে। এনচিবিয়ে জেৰাৰ অন্তত অভিনেত্ৰীগৰাকীক যাবলৈ দিয়ে যদিও শ্বাহৰুখ খানৰ পুত্ৰ ইতিমধ্যে কাৰাগাৰত থকা ড্ৰাগছ সংক্ৰান্তীয় গোচৰত বলিউডৰ এই নৱাগত অভিনেত্ৰীগৰাকীক জেৰা কৰা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে দেশজুৰি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us