ছুপাৰ-৩০ৰ সফলতাৰ পাছত নৈশ ভোজনৰ বাবে হৃতিক ৰোচনৰ বাসগৃহত উপস্থিত আনন্দ কুমাৰ…

ছুপাৰ-৩০ৰ সফলতাৰ পাছত নৈশ ভোজনৰ বাবে হৃতিক ৰোচনৰ বাসগৃহত উপস্থিত আনন্দ কুমাৰ…

author-image
asomiyapratidin
New Update
ছুপাৰ-৩০ৰ সফলতাৰ পাছত নৈশ ভোজনৰ বাবে হৃতিক ৰোচনৰ বাসগৃহত উপস্থিত আনন্দ কুমাৰ…

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা হৃতিক ৰোচনৰ ছবি 'ছুপাৰ-৩০'ৰ বৃহৎ সফলতাৰ পাছত আনন্দ কুমাৰক মুম্বাইস্থিত বাসগৃহত পৰিয়ালৰ সৈতে নৈশ ভোজনৰ বাবে নিমন্ত্ৰণ জনায়। উল্লেখ্য যে আনন্দ কুমাৰ সেইজনে ব্যক্তি যাৰ জীৱনক লৈ এই ছবিখন নিৰ্মাণ কৰা হৈছিল।

Advertisment


— Hrithik Roshan (@iHrithik) November 16, 2019

শুকুৰবাৰে এই নৈশ ভোজনৰ বাবে আনন্দ কুমাৰে ভাতৃ প্ৰণৱ কুমাৰ সৈতে উপস্থিত হয় হৃতিক ৰোচনৰ বাসগৃহত। লগতে এই নৈশ ভোজনত উপস্থিত থাকে ছুপাৰ-৩০ ছবিখনৰ পৰিচালক বিকাশ বহল, মধু মণ্টেনা আৰু হৃতিক ৰোচনৰ পিতৃ-মাতৃ আৰু খুৰা।

ইফালে, আনন্দ কুমাৰে মুম্বাইৰ পৰা পাটনাত ঘূৰি আহি সংবাদমাধ্যমৰ আগত কয়- 'বহুতেই ভাল লাগিল তেওঁলোকক লগ পায়। আৰু মই বহুত সুখী যে, হৃতিক ৰোচনৰ মাতৃয়ে এই ছবিখন ছবিগৃহত গৈ ৯বাৰ চাইছিল।'

লগতে তেওঁ কয় যে, মোৰ জীৱনক ছবিৰ জৰিয়তে হৃতীক ৰোচনে দেশবাসীৰ আগত দাঙি ধৰাৰ বাবে মই চিৰকৃতজ্ঞ। উল্লেখ্য যে, ছুপাৰ-৩০ ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল মুঠ ৩১৭ কোটি টকা।