আজি অমৰীশ পুৰীৰ জন্মদিন…

আজি অমৰীশ পুৰীৰ জন্মদিন…

author-image
asomiyapratidin
New Update
আজি অমৰীশ পুৰীৰ জন্মদিন…

ডিজিটেল ডেস্কঃ বলিউদত তেওৰ আছিল সুকীয়া আসন। ডাঙৰ চকু, দমদাৰ কন্ঠৰ গৰাকী অমৰীশ পুৰীৰ আজি জন্মদিন। পুৰীৰ জন্মদিনত গুগলেও ডুডল নিৰ্মাণ কৰি অভিনেতা কৰিলে স্মৰণ।

খলনায়ক অভিনয়েই হওক অথবা অন্য কোনো চৰিত্ৰৰ অভিনয়েই হওক, সকলো চৰিত্ৰৰে অভিনয় অতি নিখুতভাৱে কৰিছিল পুৰীয়ে। খলনায়কৰ অভিনয়ত পুৰী হৈছে অদ্বিতীয়। মিষ্টাৰ ইণ্ডিয়াৰ মগেম্ব' চৰিত্ৰটো সকলো চিত্ৰপ্ৰেমী ৰাইজৰ নখদৰ্পনত।

বলিউদৰ সকলো খলনায়কৰ চৰিত্ৰ যেন অমৰীশ পুৰীক লৈয়ে ৰচনা হয়! খলনায়কৰ অভিনয় ৰূপায়ন কৰি কেইবাটাও পুৰষ্কাৰো লাভ কৰিছিল অভিনেতা জনে।

১৯৩২ চনৰ ২২ জুনত পঞ্জাৱৰ জলন্ধৰত জন্ম হৈছিল অমৰীশ পুৰী। ১৯৬৭ চনত এখন মৰাঠী ছবিৰ যোগেদি অভিনয় জীৱনৰ পাতনি মেলে পুৰীয়ে। ১৯৭১ চনত 'ৰেশমা অৰ শ্বেৰা' নামৰ ছবিখনেৰে বলিউদত খোজ পেলায়। তাৰ পিছতে তেও আৰু ঘূৰি চোৱা নাই।

২০০৫ চনৰ ১২ জানুৱাৰীত দেহাৱসান ঘটে পুৰীৰ। কিন্তু অভিনেতা জনৰ গলগলীয় মাতৰ কিছু বিখ্যাত সংলাপ আজিও দৰ্শকৰ মুখে মুখে।