Amitabh-Jaya Bachchan's marriage: দীঘল চুলিত মোহ গৈ জয়াক বিয়া পাতিছিল আমিতাভে

জয়া বচ্চনক বিয়া কৰোৱাৰ কাৰণ জনালে 'বিগ বি'য়ে

author-image
Asomiya Pratidin
New Update
Amitabh-Jaya Bachchan's marriage: দীঘল চুলিত মোহ গৈ জয়াক বিয়া পাতিছিল আমিতাভে

Amitabh-Jaya Bachchan's marriage

ডিজিটেল ডেস্ক: কথাতেই কয়, নাৰীৰ শুৱনি চুলি।দীঘল চুলিকোচাই এগৰাকী নাৰীৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে। ধুনীয়া চুলিৰ নাৰীয়ে পুৰুষকো সোনকালে আৰ্কষিত কৰে।বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনকো হেনো তেওঁৰ পত্নীৰ দীঘল চুলিকোচাই বাৰুকৈয়ে আকৰ্ষিত কৰিছিল। জয়া বচ্ছনক বিয়া কৰোৱাৰ আন্যতম কাৰণেই আছিল তেওঁৰ দীঘল চুলি।হয়, এই বিষয়ে নিজেই দেশবাসীক অৱগত কৰে ছুপাৰষ্টাৰজনে। ‘কৌন বনেগা কৰ’ড়পতি’ৰ শেহতীয়াকৈ সম্প্ৰচাৰিত এটা খণ্ডত এগৰাকী প্ৰতিযোগীৰ লগত কথা প্ৰসংগত এই বিষয়ে জানিবলৈ দিছে ‘বিগ বি’য়ে।খণ্ডটোত প্ৰতিযোগী প্ৰিয়ংকা মহৰ্ষিৰ সৈতে বাৰ্তালাপ কৰোতে ‘বিগ বি’য়ে দীঘল চুলিৰ বাবে প্ৰতিযোগীগৰাকীকো প্ৰশংসা কৰে।

Advertisment

উল্লেখ্য, অমিতাভ বচ্চনে ১৯৭৩ চনৰ ৩ জুনত জয়া বচ্চনক বিয়া কৰাইছিল।অমিতাভ আৰু জয়া বচ্চনে ‘চিলচিলা’, ‘জঞ্জীৰ’, ‘অভিমান’, ‘চুপকে চুপকে’, ‘মিলি’, ‘শ্ব’লে’ আদি ছবিত একেলগে অভিনয় কৰিছে।শেষবাৰৰ বাবে তেওঁলোকক ২০১৬ চনত মুক্তিপ্ৰাপ্ত ছবি ‘কি এণ্ড কা’ত একেলগে অভিনয় কৰা দেখা গৈছিল।

 'কৌন বনেগা কৰ’ড়পতি'ৰ আন এক খণ্ডত প্ৰতিযোগী হৰ্ষ চালুজাৰ সৈতে এক ধেমেলীয়া মূহুৰ্তত বহু পাৰিবাৰিক কথা ৰাজহুৱা কৰে ছুপাৰষ্টাৰজনে।জয়া বচ্চনে তেওঁৰ বাবে কৰা যত্ন তথা তেওঁলোকৰ মধুৰ সম্পৰ্কৰ কথা কৈ দুয়োৰে প্ৰায় ৫০ বছৰীয়া সাংসাৰিক জীৱন সফল কৰাত পত্নীৰ ভূমিকা সন্দৰ্ভতো দৰ্শকক অৱগত কৰে অমিতাভ বচ্চনে । 

jaya bachchan amithabh bachchan Bollywood superstar