/asomiyapratidin/media/media_files/2025/03/25/IsYnsUAALvAMq78eXEPj.jpg)
ডিজিটেল ডেস্কঃ কেৱল মনোৰঞ্জন আৰু চিনেমাই নহয়, মাজে মাজে বি টাউনৰ পৰা পোহৰলৈ অহা তাৰকাৰ প্ৰেম কাহিনীয়েও সাধাৰণ মানুহৰ মনত বলিউড জগতখনৰ প্ৰতি আকৰ্ষিত কৰি তোলে। সমান্তৰালকৈ ঘনে ঘনে বলিউডৰ তাৰকা দম্পত্তিৰ বিবাহ বিচ্ছেদো সাধাৰণ অনুৰাগীৰ বাবে আশ্চৰ্যকৰে নহয়, ৰহস্যও হৈ পৰে।
সময়ে সময়ে প্ৰশ্ন উঠে, বি টাউনৰ এইসকল তাৰকাৰ আৱেগ, অনুভূতি ইমানেই ঠুনুকানে নিশাৰ ভিতৰতে তেওঁলোকে সলনি কৰে সম্বন্ধ, ভংগ কৰে সম্পৰ্ক। সাম্প্ৰতিক সময়ত এনে বহু প্ৰেম কাহিনীয়ে বলিউড গৰম কৰি আছে।
এনে গৰম কাহিনীৰ মাজত কেইবা দশক পুৰণি এনে এক প্ৰেম কাহিনী পোহৰলৈ আহিছে, যি প্ৰেম কাহিনীৰ প্ৰতি আজিও সাধাৰণ অনুৰাগীৰ মনত উৎসুকতাৰ শেষ হোৱা নাই। আজিও এই প্ৰেম কাহিনীক লৈ সৃষ্টি হৈ আহিছে ৰহস্য।
কাহিনীৰ নায়ক বিগবি অমিতাভ বচ্চন আৰু নায়িকা দুই বান্ধৱী জয়া আৰু ৰেখা। বলিউডৰ 'ছেহেন শ্বাহ' অমিতাভ বচ্চন এতিয়াও ৮৩ বছৰীয়া তৰুণ। তেওঁৰ অভিনেত্ৰী, সাংসদ পত্নী জয়া বচ্চনৰ বয়স ৭৬।
তেওঁলোকৰ পুত্ৰ অভিষেক বচ্চন আৰু কন্যা স্বেতা বচ্চন নন্দা। অভিষেকৰ পত্নী ঐশ্বৰ্য ৰায় বচ্চন আৰু তেওঁলোকৰ কন্যা আৰাধ্য বচ্চন। স্বেতা বচ্চন নন্দাৰ আছে এগৰাকী কন্যা আৰু এগৰাকী পুত্ৰ সন্তান। পত্নী, পুত্ৰ, জীয়ৰী, নাতি-নাতিনীৰে অমিতাভ বচ্চনৰ এতিয়া সুখৰ সংসাৰ।
ইয়াৰ বিপৰীতে বলিউডৰ চিৰ সেউজ অভিনেত্ৰী ৰেখা আজিও অকলশৰীয়া। অবিবাহিত ৰেখাই অৱশ্যে সেন্দুৰ লয়। এগৰাকী বিবাহিত মহিলাৰ দৰেই থাকে তেওঁ। বহুতেই কয়, ৰেখাই এসময়ৰ তেওঁৰ প্ৰিয় পুৰুষজনৰ নামতেই আজিও সেন্দুৰ লৈ আহিছে।
বহুতেই মুকলিকৈয়ে দাবী কৰে ৰেখাৰ সেই প্ৰিয় পুৰুষজন আন কোনো নহয়, তেওঁ বিগবি অমিতাভ বচ্চন। আনকি ৰেখায়েও অমিতাভ বচ্চনৰ ফালেই মাজে মাজে স্পষ্টকৈ ইংগিত দি আহিছে।
বলিউড চিনেমাৰ এক বঁটা প্ৰদান অনুষ্ঠানত অমিতাভ বচ্চনে বঁটা লাভ কৰাৰ সময়ত আনন্দত ৰেখাই চটফটাই থকা সেই মুহূৰ্তক যিয়ে দেখিছে তেওঁৱেই উপলব্ধি কৰিছে ৰেখাৰ সেই প্ৰাপ্তিহীন প্ৰেমৰ কৰুণ সুৰ। অমিতাভৰ মাতিবলৈ, সন্মুখৰ পৰা তেওঁৰ মুখলৈ চাবলৈ নোৱাৰা ৰেখাই সেইদিনা নিজৰ আসনৰ পৰা উঠি দৌৰি গৈ অমিতাভৰ পৰিবৰ্তে তেওঁৰ পত্নী জয়া বচ্চনকেই সাৱটি ধৰি অভিনন্দন জনাইছিল।
সামাজিক মাধ্যমত সহজলভ্য সেই দৃশ্যই আজিও ৰেখাৰ অনুৰাগী বহুতৰে চকু সেমেকাই তোলে। অমিতাভক কেন্দ্ৰ কৰি জয়া আৰু ৰেখাৰ প্ৰেম কাহিনী পুনৰ চৰ্চালৈ আহিছে। এইবাৰ এই কাহিনী চৰ্চালৈ অহাৰ মূলতে প্ৰবীণ সাহিত্যিক তথা চলচ্চিত্ৰ ইতিহাসবিদ হানিফ জাভেৰীৰে প্ৰকাশ কৰা এক কাহিনী।
ৰেখাই অমিতাভৰ সৈতে থকা তেওঁৰ সম্পৰ্ক আঁকাৰে, ইংগিতে প্ৰকাশ কৰি আহিছে যদিও অমিতাভে আজিলৈকে এই প্ৰেমৰ কথা ৰাজহুৱাকৈ কতো উল্লেখ কৰা নাই। কিন্তু তেওঁলোকৰ প্ৰেম কাহিনীক লৈ বলিউড গৰম হৈ পৰিছিল।
১৯৭৩ চনত অমিতাভ আৰু জয়া বচ্চন দুয়ো বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ এই বৈবাহিক জীৱনলৈ বহু ধুমুহা আহিছে যদিও আজিও তেওঁলোকৰ স্বামী-স্ত্ৰীৰ সম্পৰ্ক সুদৃঢ় হৈ আহিছে।
তেওঁলোকৰ সংসাৰলৈ অহা সেই ধুমুহাজাকৰ কাৰণো আছিল অমিতাভ আৰু ৰেখাৰ প্ৰেম। কিন্তু সেই ধুমুহা জাকক নিয়ন্ত্ৰণ কৰিবলৈ জানিছিল জয়াই। ৰেখা আছিল জয়াৰ অন্যতম প্ৰিয় বান্ধৱী।
ৰেখাই জয়াৰ জৰিয়তে লগ পাইছিল অমিতাভক। ৰেখা সেই সময়ত জয়াৰ অন্যতম ঘনিষ্ঠ বন্ধু আছিল। তেওঁলোকৰ ঘনিষ্ঠতা ইমানেই আছিল যে, এসময়ত দুয়োৱে একেটা বাসগৃহতে বাস কৰিছিল।
সেই বান্ধৱীৰ সৈতেই যেতিয়া স্বামীৰ প্ৰেমৰ সম্পৰ্কৰ কথা জানিবলৈ পাৰিছিল স্বাভাৱিকতে জয়া হৈ পৰিছিল বিধ্বস্ত। কিন্তু তেওঁ এই ধুমুহাজাকৰ মুখামুখি হোৱাৰ সাহস কৰিলে। ৰেখাই যাতে অধিক আগবাঢ়িব নোৱাৰে আৰু অমিতাভৰ সৈতে তেওঁলোকৰ বৈবাহিক সম্পৰ্কও অটুট থাকে তাৰ বাবে জয়াৰ ল’লে এক কৌশলী সিদ্ধান্ত।
হানিফ জাভেৰীয়ে কোৱা মতে, এদিন জয়াই বান্ধৱী ৰেখাক তেওঁলোকৰ ঘৰলৈ মাতিলে। নিজ হাতে ৰান্ধি তেওঁক খোৱালেও। কিন্তু যোৱাৰ সময়ত ৰেখাক কৈ পঠিয়ালে অমিতাভ কেৱল তেওঁৰ হৈয়ে থাকিব।
ৰেখা কেনেকৈ অমিতাভৰ জীৱনলৈ আহিছিল সেই কথা হানিফ জাভেৰীয়ে উল্লেখ কৰিছে। তেওঁ কয়, ৰেখা আৰু অমিতাভৰ সম্পৰ্ক ঘনিষ্ঠই নহয়, শক্তিশালীও হৈ পৰিছিল। ‘দৌ অঞ্জানে’নামৰ চিনেমাখনৰ শ্বুটিঙৰ সময়ত দুয়ো ঘনিষ্ঠ হৈ পৰিছিল।
হানিফ জাভেৰীয়ে উল্লেখ কৰিছে, অমিতাভ মুম্বাইৰ পৰা কিছুদিন আঁতৰত থকাৰ সময়তে জয়াই ৰেখাক তেওঁলোকৰ ঘৰলৈ মাতি আনিছিল। দুপৰীয়াৰ আহাৰ নিজেই ৰান্ধিছিল। অতি যত্নৰে ৰেখাক খুৱায়ো দিছিল। যদিও ৰেখাই এয়া প্ৰিয় বান্ধৱীৰ তেওঁৰ প্ৰতি থকা আদৰ বুলি ভাবিছিল ইয়াৰ আঁৰত কিন্তু জয়াৰ আছিল আন এক উদ্দেশ্য।
বিয়লি ৰেখাক জয়াই তেওঁলোকৰ গোটেই ঘৰটো দেখুওৱাৰ লগতে বাৰীখনলৈয়ো লৈ গৈছিল। বিদায়ৰ সময়ত জয়াই ৰেখাক কেৱল কৈছিল- অমিতাভ মোৰ। তেওঁ মোৰ আছিল, মোৰ হয় আৰু সদায়ে মোৰ হৈ থাকিব।
জয়াৰ এই শেষ কথাই ৰাখিলে বান্ধৱী ৰেখাই। অমিতাভৰ কাষৰ পৰা আঁতৰি আহিল ৰেখা। শাৰীৰিকভাৱে সেইদিনাই অমিতাভৰ পৰা নিজকে পৃথক কৰিলে যদিও আজিও ৰেখাৰ হৃদয়ত অমিতাভ বিৰাজমান। বলিউডৰ এই প্ৰেম কাহিনী আজিও বহুতৰ বাবে ৰহস্যময় আৰু বহুতৰ বাবে বিস্ময়কৰ।