বলিউডৰ বিগ বিৰ ৭৮ সংখ্যক জন্মদিন…

বলিউডৰ বিগ বিৰ ৭৮ সংখ্যক জন্মদিন…

author-image
asomiyapratidin
New Update
বলিউডৰ বিগ বিৰ ৭৮ সংখ্যক জন্মদিন…

ডিজিটেল ডেস্কঃ বলিউডৰ বিগ বিৰ দেওবাৰে ৭৮ সংখ্যক জন্মদিন। দিগ্বজ অভিনেতাগৰাকীক তেওঁৰ ওপজা দিনত দেশ-বিদেশ তথা তেওঁৰ অনুৰাগীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে। বলিউড, ক্ৰীড়া, ৰাজনীতিকে ধৰি বিভিন্ন ক্ষেত্ৰৰে জড়িত লোকসকলে অমিতাভ বচ্চনক জন্মদিনৰ এই বিশেষ দিনটোত জনাইছে শুভেচ্ছা।

উল্লেখ্য যে, ১৯৪২চনৰ ১১ অক্টোবৰত জন্মগ্ৰহণ কৰা অমিতাভ বচ্চনে বলিউড জগতখনত ভৰি দি দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান লাভ কৰি আহিছে। লক্ষণীয় যে, এংগ্ৰী য়ংগ মেন নামে খ্যাত অমিতাভ বচ্চনে এজন অভিযন্তা হোৱাৰ লগতে বায়ু সেনাত যোগ দিয়াৰহে সপোন দেখিছিল। কিন্তু তাৰ বিপৰীতে বৰ্তমান তেওঁ বলিউডৰ মহানায়ক হিচাপে চিহ্নিত।