/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/7b30ece5-c51c-4128-ad3e-999ba59cd51b/806d1a40-92c3-41cc-ad54-3216c5bd09c6.jpg)
ডিজিটেল ডেস্ক: প্ৰতি দেওবাৰে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ বাসগৃহ ‘জলছা’ৰ বাহিৰত ভিৰ কৰে অগনন অনুৰাগীয়ে।প্ৰখ্যাত অভিনেতাজনে দিনটোৰ শেষত তেওঁৰ অনুৰাগীসকলক দেখা দি তেওঁলোকৰ ইচ্ছা পুৰণ কৰে । বহু বছৰ ধৰি এই নিয়ম চলি আহিছে যদিও কিছু অসুস্থতাৰ বাবে তেওঁ যোৱা দুমাহ ধৰি সম্পূৰ্ণৰূপে বিশ্ৰাম লৈ আছে।
এতিয়া অভিনেতাজন লাহে লাহে সুস্থ হৈ উঠিছে, তেওঁ কাম কৰিবলৈও আৰম্ভ কৰিছে।এই বিশ্ৰামৰ সময়ছোৱাত তেওঁ ব্লগৰ জৰিয়তে অনুৰাগীসকলৰ সৈতে নিয়মীয়া যোগাযোগ ৰাখে।কিন্তু শেহতীয়া এটা ব্লগত অনুৰাগীসকলক এক বিশেষ বাৰ্তা দিয়ে আৰু ইয়াৰ পাছতে অগনন অনুৰাগীৰ মন সেমেকি উঠিছে।
হয়, ‘বিগ বি’য়ে তেওঁৰ অনৰাগীসকলক ‘জলছা’লৈ অহাত নিষেধাজ্ঞা আৰোপ কৰিলে।তেওঁ উল্লেখ কৰা মতে, ‘জলছা’ৰ কিছু কাম কৰিবলগীয়া আছে। যদি ‘জলছা’ৰ বাহিৰত কাম চলে, তেন্তে তেওঁৰ ঘৰৰ বাহিৰত অনুৰাগীয়ে ভিৰ নকৰাই ভাল।এই জাননীৰ পাছতেই স্বাভাৱিকভাৱেই সেমেকি উঠিছে অনুৰাগীসকলৰ মন।পৰৱৰ্তী সময়ত তেওঁলোকে কেতিয়া তেওঁলোকৰ প্ৰিয় তাৰকাক দেখিবলৈ পায়, তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে অনুৰাগীসকল।আনহাতে, ‘জলছা’ৰ কাম শেষ হোৱাৰ পাছতে ‘বিগ বি’য়ে পুনৰ অনুৰাগীক লগ কৰা পৰম্পৰা অব্যাহত ৰাখিবলৈ ছ’চিয়েল মেডিয়াৰ জৰিয়তে আহ্বান জনাইছে একাংশ গুণমুগ্ধই।
Also Read: হাঁহিয়েই হৈছে প্ৰতিটো ৰোগৰ ঔষধ