/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/11/ৱগপ-ৱ8eb75bff-03fe-468d-a453-d003f64c8bdd.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে বলিউড জগতত জনপ্ৰিয় অভিনেতা বিগ বি অৰ্থাৎ অমিতাভ বচ্চনৰ সম্পূৰ্ণ হ'ল ৫০ বছৰ। এই মহানায়কগৰাকীয়ে যোৱা ৫০ বছৰ ধৰি এই বলিউডৰ সাম্ৰাজ্যখনত নিজৰ দপদপনি অটুট ৰাখিছে ভাল অভিনয়ৰ জৰিয়তে। কিন্তু আপুনি জানেনে অমিতাভ বচ্চনে জীৱনৰ প্ৰথমখন ছবিত কাম কৰাৰ বাবদ কিমান টকা লাভ কৰিছিল?
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/hindi/sites/default/files/styles/zm_700x400/public/2019/10/11/440346-amitabh-bachchan.jpg)
১৯৬৯চনৰ ৭ নবেম্বৰত বিগ বিয়ে অভিনয় কৰা 'সাত হিন্দুস্তানী' নামৰ ছবিখনে মুক্তি লাভ কৰিছিল। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে অমিতাভ বচ্চনে কেতিয়াও ঘূৰি চোৱা নাই। ১৯৬৯চনতে আৰম্ভ কৰা এই যাত্ৰা বৰ্তমানেও অব্যাহত আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/hindi/sites/default/files/styles/zm_700x400/public/2019/10/10/440058-amitabh-bachahan.jpg)
উল্লেখ্য যে, এই ছবিখনত কাম কৰাৰ বাবে অমিতাভ বচ্চনে লাভ কৰিছিল ৫হাজাৰ টকা। কিন্তু তেওঁ ইয়াক এক সুযোগ ৰূপে গ্ৰহণ কৰিলে আৰু বৰ্তমান সমগ্ৰ বিশ্ববাসীয়ে তেওঁক চিনি পায়। এই ছবি পৰিচালনা কৰিছিল খোৱাজা আহমেদ আব্বাছে।