/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/4ae2832f-1700-4490-85b5-2e8eb81a0e03.jpg)
ডিজিটেল ডেস্কঃ শনিবাৰে নিশা খবৰ আহিলে যে, বলিউডৰ বিগ বি অমিতাভ বচ্চনৰ লগতে তেওঁৰ পুত্ৰ অভিনেতা অভিষেক বচ্চন আক্ৰান্ত হৈছে কোৰোনাত। ইয়াৰ পাছতে লাগিল হাহাকাৰ। লগে লগে বিগ বি আৰু জুনিয়ৰ বচ্চনক ভৰ্তি কৰোৱা হল মুম্বাইৰ নানাৱতী হস্পাতালত।
দেওবাৰে পুৱাই নানাৱতী হস্পাতালে অমিতাভ বচ্চনৰ স্বাস্থ্যৰ সন্দৰ্ভত অৱগত কৰে সংবাদ মাধ্যমক। তেওঁলোকে কয়, বচ্চনৰ স্বাস্থ্য বৰ্তমান স্থিৰ। অভষেক বচ্চনৰো স্বাস্থ্য উন্নত। দুয়োকে হস্পাতালৰ আইচলেশ্যন কেন্দ্ৰত ৰখা হৈছে বুলিও সদৰি কৰে নানাৱতী হস্পাতালৰ কৰ্তৃপক্ষই।