প্ৰতিগৰাকী ভাৰতীয়ই চাব লাগে ‘দ্য়া কাশ্মীৰ ফাইলচ’: আমিৰ খান

প্ৰতিগৰাকী ভাৰতীয়ই চাব লাগে ‘দ্য়া কাশ্মীৰ ফাইলচ’: আমিৰ খান

author-image
asomiyapratidin
New Update
প্ৰতিগৰাকী ভাৰতীয়ই চাব লাগে ‘দ্য়া কাশ্মীৰ ফাইলচ’: আমিৰ খান

ডিজিটেল ডেস্ক: 'দ্যা কাশ্মীৰ ফাইলচ'। মুক্তিলাভৰ পৰাই চৰ্চাত থকা এখন ছবি। এই ছবিখনৰ মুক্তিৰ পাছতেই বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এইবাৰ ছবিখনৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বলিউড অভিনেতা আমিৰ খানে।

Advertisment

এই সন্দৰ্ভত আমিৰ খানে কয় যে তেওঁ এতিয়ালকৈ ছবিখন চোৱা নাই কিন্তু অতি সোনকালেই চাব। তেওঁ কয় যে "এয়া আমাৰ ইতিহাসৰ এনে এক অংশ যিয়ে আমাক দুখ দিয়ে।কাশ্মীৰত পণ্ডিত সকলৰ লগত যি হৈছিল সেয়া অত্যন্ত দুখজনক।এনেকুৱা এটা বিষয় বস্তুৰ ওপৰত ছবিখন নিৰ্মাণ হৈছে যে প্ৰতিগৰাকী ভাৰতীয়ই এই ছবিখন চাব লাগে আৰু মনত কৰিব লাগে যে যেতিয়া কাৰোবাৰ ওপৰত অত্যাচাৰ হয় তেন্তে তেওঁৰ ওপৰত কি প্ৰত্যাহ্বান আহি পৰে"।

খানে লগতে কয় যে যি সকল লোকে মানবীয়তাৰ ওপৰত বিশ্বাস ৰাখে তেনে প্ৰতিগৰাকী লোকৰ হৃদয় চুইছে এই ছবিখনে। মই এই ছবিখন নিশ্চয় চাম। মই সুখী যে ছবিখনে সফালতা লাভ কৰিছে।

amir khan bollywood the kashmir files