‘ছড়ক-২’ৰ শ্বুটিঙত ব্যস্ত আলিয়া! ছ’চিয়েল মিডিয়াত আপলোড পিতৃৰ সৈতে ফটো…

‘ছড়ক-২’ৰ শ্বুটিঙত ব্যস্ত আলিয়া! ছ’চিয়েল মিডিয়াত আপলোড পিতৃৰ সৈতে ফটো…

author-image
asomiyapratidin
New Update
‘ছড়ক-২’ৰ শ্বুটিঙত ব্যস্ত আলিয়া! ছ’চিয়েল মিডিয়াত আপলোড পিতৃৰ সৈতে ফটো…

ফাইল ফটো

ডিজিটেল ডেস্কঃ বৰ্তমান উটিত শ্বুটিঙত ব্যস্ত বলিউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভট। পিতৃ মহেশ ভট পৰিচালিত ছবি 'ছড়ক-২'ৰ শ্বুটিঙত বৰ্তমান ব্যস্ত হৈ পৰিছে অভিনেত্ৰীগৰাকী। কিন্তু তাৰমাজতে আলিয়াই ছ'চিয়েল মিডিয়াত পিতৃৰ সৈতে উঠা এখন ফটো কৰিলে পোষ্ট। আৰু বৰ্তমান ভাইৰেল হৈ পৰিছে এই ফটোখন।

আলিয়াই পিতৃৰ প্ৰশংসা কৰি ইনষ্টাগ্ৰামত এই ফটোখন আপলোড কৰি লিখে- 'আজিৰ কাম শেষ। ছবিখনৰ সৈতে জড়িত আটাইকেইজনৰ মিলি যিমান শক্তি, তাতকৈ অধিক শক্তি মোৰ পিতৃৰ…'। উল্লেখ্য যে, ছড়ক-২ ছবিখন ১৯৯১চনত মুক্তি লাভ কৰা 'ছড়ক'ৰে সংস্কৰণ।

অভিনেতা সঞ্জয় দত্ত আৰু অভিনেত্ৰীপূজা ভট অভিনীত এই ছবিখনে সেই সময়ত সমগ্ৰ দেশবাসীক আকৰ্ষণ কৰিছিল ছবিগৃহলৈ। জানিবপৰা মতে, ছবিখনত আলিয়াৰ সৈতে অভিনয় কৰিব আদিত্য ৰয় কাপুৰে। আৰু ২০২০ৰ ১০ জুলাইত মুক্তিপাব এইখনছবি।