/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/Bride-Groom-Hands-1.jpg)
ডিজিটেল ডেস্কঃ বলিউদ অচিৰেই ওলাব পাৰে আৰু এখন বিয়া। সূত্ৰৰ খবৰ অনুসৰি ইতিমধ্যে বিয়া খনৰ যো জা আৰম্ভ হৈছে। সকলো ভালে ভালে থাকিলে এই বৰ্ষতে নতুবা ২০২০ৰ প্ৰথমভাগতে হ'ব বলিউদৰ এই বিশেষ বিয়াখন।
যো জা চলি থকা বিয়াখন হৈছে ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্টৰ। খবৰ আহিছে বলিউদৰ এই দুই শিল্পীয়ে অচিৰেই আৰম্ভ কৰিব জীৱনৰ দ্বিতীয় ইনিংছ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/hindi/sites/default/files/2019/07/23/409053-aalia-ranbir-wedding.jpg)
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিদেশত চিকিৎসা কৰি থকা ৰণবীৰৰ পিতৃ ঋষি কাপুৰ আগষ্ট মাহতে উভতিব ঘৰলৈ। ইফালে কিছুদিনৰ পূৰ্বে আলিয়াই ১৩ কোটি টকা খৰচ কৰি ক্ৰয় কৰিছে এটা ঘৰ। এই সকলোবোৰ দিশ চোৱাচিতা কৰি অচিৰেই বলিউদত এখন বিয়া হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
ইফালে খবৰ আহিছে যে, আলিয়াই ইতিমধ্যে অৰ্ডাৰ কৰিছে এযোৰ বিশেষ কাপোৰ। আলিয়াই অৰ্ডাৰ দিয়া এই প্ৰতিষ্ঠানটোতে বিয়াৰ কাপোৰ অৰ্ডাৰ কৰিছিল অনুষ্কা আৰু দীপিকাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us