/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/09ae8321-1b70-4e60-b6e2-a31ebfe311c5/AP_FOR_WEB_alia__1_.jpg)
ডিজিটেল ডেস্ক: বিয়া আৰু মাতৃত্ব কেতিয়াও কোনো কামৰ বাবে হেঙাৰ হ’ব নোৱাৰে, এইয়া যেন প্ৰমাণ কৰি দেখুৱাইছে ‘বক্স অফিছ কুইন’ আলিয়া ভাট্টে। কন্যা ৰাহাৰ জন্মৰ মাত্ৰ চাৰি মাহৰ পাছতে সম্পূৰ্ণ আগৰ দৰেই দেখা হৈ পৰিল আলিয়া।সন্তান সম্ভৱা আৱস্থাতো কাম কৰি থকাৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা আলিয়া এতিয়া তেওঁৰ পৰৱৰ্তী ছবিসমূহৰ কামত ব্যস্ত।আজি এইগৰাকী বহুচৰ্চিত অভিনেত্ৰীৰ জন্মদিন।আলিয়াৰ শাহু নীতু কাপুৰ, অনুৰাগীসকলৰ লগতে বলীউডৰ আন তাৰকাসকলে ছ’ছিয়েল মেডিয়াত আলিয়াক জন্মদিনৰ শুভেচ্ছা জনাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/51480315-34ea-4049-8573-fa02c2afe37c/alia_new.jpg)
বলীউডৰ প্ৰখ্যাত ভাট্ট পৰিয়ালত জন্ম গ্ৰহণ আলিয়া ছবি নিৰ্মাতা মহেশ ভাট্ট আৰু অভিনেত্ৰী ছনি ৰাজদানৰ কন্যা। ১৯৯৯ চনত ‘সংঘৰ্ষ’ ছবিখনত শিশু শিল্পী হিচাপে অভিনয়ৰ পাতনি মেলিছিল আলিয়াই।২০১২চনত মুক্তিপ্ৰাপ্ত কৰণ জোহৰৰ ছবি ‘ষ্টুডেণ্ট অফ দা ইয়েৰ’ত এইগৰাকী অভিনেত্ৰীয়ে প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰি দেশবাসীৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। ‘হাইৱে’, ‘ডিয়াৰ জিন্দেগী’, ‘উড়তা পঞ্জাৱ’, ‘ৰাজী’, ‘গালী বয়’, ‘গংগুৱাই কাঠিয়াৱাড়ী’, ‘ব্ৰক্ষ্মাস্ত্ৰ’ আদি হৈছে আলিয়াই অভিনয় কৰা কেইখনমান উল্লেখনীয় ছবি।অদমনীয় অভিনয় দক্ষতাৰ বাবে এইগৰাকী অভিনেত্ৰীয়ে ইতিমধ্যে ‘ফিল্মফেয়াৰ এৱাৰ্ড’কে ধৰি বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/9ee150ae-ea0f-4559-aaf7-107e1e2f1d3b/2aliabhattfamilypic.jpg)
আলিয়াৰ জন্ম ১৯৯৩ চনৰ ১৫ মাৰ্চত। কাপুৰ পৰিয়ালৰ বোৱাৰী আলিয়াই ৰণবীৰ কাপুৰৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল ২০২২ চনত।এটি কন্যা সন্তানৰ মাতৃ এইগৰাকী অভিনেত্ৰী তেওঁৰ বিবাহিত জীৱনতো অত্যন্ত সুখী। আজি জন্মদিন উপলক্ষে মুক্তিৰ অপেক্ষাত থকা আলিয়াৰ কেইখনমান ছবিৰ বিষয়ে জানো আহক-
ৰকি ঔৰ ৰাণী কী প্ৰেম কাহানী
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/34111c9a-0997-45be-918d-0095fba23b06/rocky_aur_rani_ki_prem_kahani.jpg)
মুক্তিৰ পূৰ্বেই চৰ্চাৰ শীৰ্ষত থকা এই ছবিখনৰ পৰিচালনা কৰণ জোহৰৰ।ছবিখনত আলিয়াৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিঙে।১০০ কোটি টকাৰ বাজেটৰ এই ছবিখনত ধৰ্মেন্দ্ৰ, প্ৰীতি জিন্টা আৰু শ্বাবানা আজমীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
হাৰ্ট অফ ষ্ট’ন
এই ছবিখনৰ জৰিয়তে আলিয়াই হলিউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে।এই ছবিখনৰ ছেটৰ পৰাই আলিয়াৰ ‘বেবী বাম্প’ৰ প্ৰথম ফটো ভাইৰেল হৈছিল।
ব্ৰহ্মাস্ত্ৰ -২
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/211c2856-617b-4355-a10e-3010d01fff14/Brahmastra_Trailer_Screengrab_090922_1200.jpg)
আলিয়াই ‘ব্ৰহ্মাস্ত্ৰ’ৰ ছিকুৱেল ‘ব্ৰহ্মাস্ত্ৰ ২’ত অভিনয় কৰিছে। ২০২৫ চনত মুক্তি পোৱাৰ সম্ভাৱনা থকা এই ছবিখনত দৰ্শকে আলিয়া আৰু ৰণবীৰ কাপুৰৰ ৰোমাঞ্চ আকৌ এবাৰ পৰ্দাত দেখিবলৈ পাব।