বলিউডৰ ‘খিলাড়ী’ অক্ষয় কুমাৰৰ জন্মদিন…

বলিউডৰ ‘খিলাড়ী’ অক্ষয় কুমাৰৰ জন্মদিন…

author-image
asomiyapratidin
New Update
বলিউডৰ ‘খিলাড়ী’ অক্ষয় কুমাৰৰ জন্মদিন…

ডিজিটেল ডেস্কঃ বলিউডৰ খিলাড়ী অক্ষয় কুমাৰে বুধবাৰে উদযাপন কৰে জন্মদিন। ১৯৬৭চনৰ ৯ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা অভিনেতাগৰাকীয়ে বুধবাৰে ৫৩ বছৰ অতিক্ৰম কৰিলে। ৰাজীৱ হৰি ওম ভাটিয়া নামৰ যুৱকজনে এদিন বলিউডৰ জগতলৈ আহি নিজৰ নাম অক্ষয় কুমাৰ নামেৰে নামাকৰণ কৰে। আৰু বৰ্তমান এই নামটো ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে পৰিচিত।

বলিউডৰ ছুপাৰহিট অভিনেতা অক্ষয় কুমাৰে ১৬খনকৈ ফ্লপ ছবিৰ পাছতো হাৰ মানি লোৱা নাছিল। আৰু বৰ্তমান সময়ত তেওঁ এজন আগশাৰীৰ অভিনেতা। অক্ষয় কুমাৰে শেহতীয়াকৈ এটা সাক্ষাৎকাৰত কয়- 'এই ফিল্ম ইণ্ডাষ্ট্ৰীত আপুনি অভিনেতা ১৯-২০ হ'লেও চলিব, কিন্তু মানুহ হিচাপে ভাল হ'ব লাগিব।'

ৰাউডী ৰাথৌৰ, হেৰা ফেৰী, ফিৰ হেৰা ফেৰী, হলি ডে', এয়াৰলিফ্ট, মংগল মিছন, কেছেৰী, গুড নিউজ, টয়লেট, বেবী, জলী এল এল বি, ভুল ভুলেয়া, নমস্তে লণ্ডৰ দৰে হিট ছবি দৰ্শকক উপহাৰ দিয়া অক্ষয় কুমাৰৰ জন্মদিনত অগণন গুণমুগ্ধই জনাইছে শুভেচ্ছা।