/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/aksahy-downy-jrUntitled-4.jpg)
ডিজিটেল ডেস্কঃ এই কেইদিন সকলোতে কেৱল মাৰ্ৱেল ষ্টুডিঅ'ৰ ছবি 'এভেঞ্জাৰ্ছ এণ্ডগেম'ৰ চৰ্চা। লগতে খুবেই ভাইৰেল হৈ পৰিছে অক্ষয় কুমাৰৰ এটা টুইট। এখন ফটো অক্ষয় কুমাৰ টুইটাৰযোগে টুইট কৰিছে, যিখন ছবি চোৱাৰ পাছত এভেঞ্জাৰ্ছৰ প্ৰতিজন অনুগামীয়ে শ্বেয়াৰ কৰিছে টুইটটো। ছবিখনত হলিউদ ছুপাৰষ্টাৰ ৰবাৰ্ট ডাওনী জুনিয়ৰ অৰ্থাৎ আয়ৰন মেনে বলিউদৰ খিলাড়ী অক্ষয় কুমাৰৰ দৰে কাপোৰ পৰিধান কৰা পৰিলক্ষিত হৈছে।
হলিউদৰ অভিনেতাগৰাকীয়ে অক্ষয় কুমাৰে পৰিধান কৰাৰ দৰে একেই টায় পিন্ধিছে। ছবিখন চোৱাৰ পাছত এনে লাগে যেন কেৱল দেখিবলৈ একে নহয়, একেটা টায় দুয়োগৰাকী অভিনেতাই পৰিধান কৰিছে। ইফালে, অক্ষয় কুমাৰ টুইটটোত লিখিছে- 'যেতিয়া আয়ৰন মেনে হুবহু আপোনাৰ দৰে টায় পৰিধান কৰে। কোনে বেছি ভালকৈ পিন্ধিছে?' লগতে তেওঁ এভেঞ্জাৰ্ছ এণ্ডগেম ছবিখনৰো প্ৰশংসা কৰিছে টুইটটোত।
When #IronMan Wears the same Tie as you!!#WhoWoreItBetter
Ps: #EndGame is out of this World 🤩#Givenchy Tie @RobertDowneyJrpic.twitter.com/uT50THK3sx
— Akshay Kumar (@akshaykumar) April 27, 2019
উল্লেখ্য যে, শুকুৰবাৰে ভাৰতৰ ছবিগৃহত মুক্তি পোৱা ছবিখনে সৰ্বাধিক ধন উপাৰ্জন কৰিছে। মাত্ৰ দুদিনৰ ভিতৰত ১২৪ কোটি টকা উপাৰ্জন কৰিছে ছবিখনে। সেই ছবিখনৰ আয়ৰন মেনৰ চৰিত্ৰ অভিনয় কৰা ছুপাৰষ্টাৰ ৰবাৰ্ট ডাওনী জুনিয়ৰে অক্ষয় কুমাৰৰ দৰে টায় পৰিধান কৰাটোও গৌৰৱৰেই কথা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us