শ্বুটিঙত নহয়, মাতৃৰ সৈতে সময় কটাইছে অক্ষয় কুমাৰে… ভাইৰেল VIDEO

শ্বুটিঙত নহয়, মাতৃৰ সৈতে সময় কটাইছে অক্ষয় কুমাৰে… ভাইৰেল VIDEO

author-image
asomiyapratidin
New Update
শ্বুটিঙত নহয়, মাতৃৰ সৈতে সময় কটাইছে অক্ষয় কুমাৰে… ভাইৰেল VIDEO

ডিজিটেল ডেস্কঃ এটা বছৰত প্ৰায় ৩-৪খনকৈ ছবিৰ শ্বুটিঙত ব্যস্ত থকা বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে বৰ্তমান সময় কটাইছে মাতৃৰ সৈতে। অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে ভিডিঅ'। য'ত তেওঁক দেখিবলৈ পোৱা গৈছে মাতৃৰ সৈতে লণ্ডনত খোজকাঢ়ি থকা।

ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ভিডিঅ'টোত দেখা গৈছে লণ্ডনৰ ফুটপাথত খোজকাঢ়ি আছে অক্ষয় কুমাৰ আৰু তেওঁৰ মাতৃ। ইনষ্টাগ্ৰামত ভিডিঅ'টোৰ লগতে লিখিছে- 'মাৰ সৈতে সময় কটাবলৈ কিছুদিনৰ বাবে শ্বুটিঙৰ পৰা বিৰতি লৈছো। যেতিয়াই সুবিধা পাই তেতিয়াই তেওঁলোক সৈতে সময় কটাব লাগে।'

উল্লেখ্য যে, অক্ষয় কুমাৰৰ ছবি মিছন মংগলক দৰ্শকে আদৰিছে। আৰু খুব ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ছবিখনে। তদুপৰি অক্ষয় কুমাৰৰ আগন্তুক ছবি কেইখনৰ ভিতৰত এখন হ'ল 'সূৰ্যবংশী'। ইফালে, ২০২০চনৰ ঈদত মুক্তি লাভ কৰিব 'লক্ষ্মী বোম'।