অক্ষয় কুমাৰৰ ‘মিছন মংগল’ৰ ট্ৰেইলাৰ মুকলি, চাওঁক VIDEO….

অক্ষয় কুমাৰৰ ‘মিছন মংগল’ৰ ট্ৰেইলাৰ মুকলি, চাওঁক VIDEO….

author-image
asomiyapratidin
New Update
অক্ষয় কুমাৰৰ ‘মিছন মংগল’ৰ ট্ৰেইলাৰ মুকলি, চাওঁক VIDEO….

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ প্ৰতিখন ছবিৰ কাহিনী কিছু ব্যতিক্ৰম দেখা পোৱা যায়। দৰ্শকেও অক্ষয়ৰ এনেধৰণৰ ছবিত তেওঁৰ অভিনয়ক প্ৰশংসা কৰে। শেহতীয়াকৈ অভিনেতাগৰাকীৰ নতুন ছবি 'মিছন মংগল'ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। 'মিছন মংগল'ৰ ট্ৰেইলাৰ খুব কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিছে। লগতে অভিনেতাগৰাকীয়েও ছবিখনৰ ট্ৰেইলাটো নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰে।

অভিনেতা অক্ষম কুমাৰে ইনষ্টাগ্ৰামত ট্ৰেইলাৰটো পোষ্ট দি লিখিছে- 'এখন দেশ, এটা সপোন আৰু এটা ইতিহাস। ইণ্ডিয়া স্পেচ মিছনৰ সঁচা কাহিনী।' তেওঁ কৰা এই পোষ্টটোত বিভিন্নজনে কমেন্ট কৰাও পৰিলক্ষিত হৈছে। ট্ৰেইলাৰটো চোৱাৰ পাছত অক্ষয় কুমাৰৰ লগতে ছবিখনত অভিনয় কৰা আনসকল অভিনেতাৰো প্ৰশংসা কৰিছে অনুগামীসকলে।

উল্লেখ্য যে, অহা ১৫ আগষ্টত ভাৰতৰছবিগৃহত মুক্তি পাব 'মিছন মংগল'। ছবিখনত অভিনেতা অক্ষয় কুমাৰৰ লগতে অভিনেত্ৰীবিদ্যা বালন, তাপসী পন্নু আৰু ছোনাক্ষী সিনহায়ো কাম কৰিছে। ভাৰতে প্ৰথমবাৰৰ বাবেমংগল গ্ৰহলৈ সফলতাৰে মহাকাশযান পঠিওৱাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে এইছবিখন। অৱশ্যে 'হলী ডে', 'বেবী' আদিৰ দৰে হীট ছবিত কাম কৰা অক্ষয় কুমাৰৰ 'মিছনমংগলে' ভাৰতৰ দৰ্শকৰ হৃদয় স্থান লাভ কৰিবনে নাই সেয়া অহা ১৫ আগষ্টতহে জানিব পৰাযাব।