/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/ahiasepolicevdoUntitled-8.jpg)
ডিজিটেল ডেস্কঃ বলিউডৰ খিলাড়ী অক্ষয় কুমাৰ আৰু অভিনেত্ৰী কেটৰিনা কাইফৰ নতুন ছবি 'সূৰ্যবংশী' ২৭ মাৰ্চৰ পৰিৱৰ্তে মুক্তি পাব ২৪ মাৰ্চ, ২০২০ত। অক্ষয় কুমাৰ আৰু ৰোহিত চেট্টীৰ অনুৰাগীসকলে এই ঘোষণাৰ পাছত ছবিখন চাবলৈ আৰু অধিক উৎসাহিত হৈ পৰিছে।
উল্লেখ্য যে, অক্ষয় কুমাৰ, অজয় দেৱগান আৰু ৰণবীৰ সিঙে নিজৰ টুইটাৰত এটা ভিডিঅ'যোগে ছবিখন ২৪ মাৰ্চত মুক্তি লাভ কৰাৰ কথা ঘোষণা কৰিছে। ভিডিঅ'টোত দেখা গৈছে যে বহু কেইটি কণ কণ শিশুৱে ছবিখনৰ মুক্তিৰ দিন ঘোষণা কৰিছে। লগতে জনোৱা হৈছে যে ২৪ মাৰ্চত সম্পূৰ্ণ ২৪ ঘণ্টাৰ বাবেই মুম্বাইত খোলা থাকিব ছবিগৃহসমূহ।
'সূৰ্যবংশী'য়েএকমাত্ৰ ছবি হ'ব যিখন ছবিৰ প্ৰদৰ্শনী মুম্বাইত সম্পূৰ্ণ ২৪ঘণ্টাৰ বাবে দৰ্শকে চাবপাৰিব ছবিগৃহত। ইফালে, অক্ষয় কুমাৰে ভিডিঅ' শ্বেয়াৰ কৰাৰ লগতে লিখিছে- 'অপৰাধৰবাবে সময় নাই। আহি আছে পুলিচ। বিশ্বজুৰি ২৪ মাৰ্চত মুক্তি পাব সূৰ্যবংশী।'
উল্লেখ্য যে,প্ৰথমে এই ছবিখন ২০২০চনৰ ঈদত মুক্তি পাব বুলি ঘোষণা কৰাৰ হৈছিল। কিন্তু তাৰপাছত ২৭মাৰ্চত মুক্তি পাব বুলি ঘোষণা কৰে ছবি নিৰ্মাতা সকলে। আৰু অৱশেষত ২৪ মাৰ্চত ছবিখনমুক্তি পাব বুলি অভিনেতা কেইগৰাকীয়ে টুইটাৰযোগে ঘোষণা কৰে।