‘লক্ষ্মী’ৰ পাছত এইবাৰ খিলাড়ী কুমাৰৰ ‘ৰাম সেতু’…

‘লক্ষ্মী’ৰ পাছত এইবাৰ খিলাড়ী কুমাৰৰ ‘ৰাম সেতু’…

author-image
asomiyapratidin
New Update
‘লক্ষ্মী’ৰ পাছত এইবাৰ খিলাড়ী কুমাৰৰ ‘ৰাম সেতু’…

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ প্ৰতিটো বছৰে প্ৰায় ৩-৪খনকৈ ছবি মুক্তি লাভ কৰে। ৯ নবেম্বৰ অৰ্থাৎ সোমবাৰে লক্ষ্মী ছবিখন ডিজনি হ'টষ্টাৰত মুক্তি লাভ কৰাৰ পাছতে শনিবাৰে খিলাড়ী কুমাৰে আৰু এখন নতুন ছবিৰ কথা ঘোষণা কৰে।

Advertisment

নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টত অক্ষয় কুমাৰে 'ৰাম সেতু' নামৰ ছবিখনৰ ঘোষণা কৰিছে। আৰু ফিল্মখনৰ এখন পোষ্টাৰো শ্বেয়াৰ কৰিছে অক্ষয় কুমাৰে। পোষ্টাৰখনত শ্ৰীৰামক দেখা পোৱা গৈছে আৰু তলত আছে অভিনেতাগৰাকী। লগতে ফটোখনত লিখা আছে যে, 'সত্য নে কল্পনা'।