ৰাখী সাৱন্তে এইবাৰ ৰাণু মণ্ডলক দিলে গানৰ অফাৰ…

ৰাখী সাৱন্তে এইবাৰ ৰাণু মণ্ডলক দিলে গানৰ অফাৰ…

author-image
asomiyapratidin
New Update
ৰাখী সাৱন্তে এইবাৰ ৰাণু মণ্ডলক দিলে গানৰ অফাৰ…

ডিজিটেল ডেস্কঃ হিমেশ ৰেছমিয়াৰ পাচত ৰাণু মণ্ডললৈ এইবাৰ আন এটা অফাৰ আহিছে। এই অফাৰ প্ৰদান কৰিছে বিৰ্তকিত অভিনেত্ৰী ৰাখী সাৱন্তে। বিগত কিছুদিন ধৰি নিজৰ বিয়াৰ বিষয়ক লৈ ছচিয়েল মিডিয়াক সক্ৰিয় হৈ থকা ৰাখীয়ে শেহতীয়াকৈ ৰাণু মণ্ডলক প্ৰদান কৰিব বিচাৰিছে এটা সুযোগ।

ছচিয়েল মিডিয়াৰ জৰিয়তে ৰাখীয়ে কয় যে, মই এটা পুৰণি গান ৰিমিক্স কৰাৰ কথা ভাবি আছো। মই বিচাৰিম গানটোৰ নতুন সংস্কৰণত কন্ঠ দিয়ক ৰাণু মণ্ডলে। লগতে ৰাখীয়ে কয়- ৰাণু মণ্ডলৰ দৰে প্ৰতিভা আমাৰ ইণ্ডাষ্টীৰ সৈতে জড়িত হোৱাতো অতিকেই ভাল খবৰ। এনে প্ৰতিভাক প্ৰথম সুযোগ প্ৰদান কৰাৰ বাবে মই ধন্যবাদ জনাইছো হিমেশ ৰেছমিয়াক।

উল্লেখ্য যে, পশ্চিম বংগৰ এটা ৰেল ষ্টেচনত গান গোৱা ৰাণু মণ্ডলে শেহতীয়াকৈ কন্ঠ নিগৰাইছে হিমেশ ৰেছমিয়াৰ আহিবলগীয়া এখন ছবিৰ এটা গীতত।