/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/AJAY.jpg)
ডিজিটেল ডেস্কঃ লাডাখৰ গালোৱানত ভাৰতীয় সেনাৰ বলিদানক লৈ ছবি নিৰ্মাণ কৰিব অভিনেতা তথা প্ৰযোজক অজয় দেৱগণে। শেহতীয়াকৈ এই কথা প্ৰকাশ কৰিছে বিশিষ্ট ছবি সমালোচক তৰণ আদৰ্শই। টুইটাৰযোগে তেওঁ জনায় যে, অজয়ে এই ছবিখনৰ প্ৰযোজনা কৰিব। যদিও এতিয়ালৈকে ছবিখনৰ নাম আৰু কোনে অভিনয় কৰিব তাক লৈ কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই।'
এই ছবিখনত অভিনেতা অজয়ে অভিনয় কৰিবনে নকৰে তাক লৈ কোনোধৰণৰ কথা উল্লেখ কৰা নাই তৰণ আদৰ্শই। উল্লেখ্য যে, চলিত বৰ্ষৰ ১৫জুনত গালোৱানত সংঘটিত হোৱা চীনা আৰু ভাৰতীয় সেনাৰ সংঘৰ্ষত নিহত হৈছিল ২০জনকৈ ভাৰতীয় জোৱান। ইয়াৰ পাছতে চীন-ভাৰতৰ সম্পৰ্ক অদিক অৱনতি ঘটিছিল।