বলিউডত অজয় দেৱগানৰ ৩০ বছৰ সম্পূৰ্ণ, পত্নীয়ে কৰিলে বিশেষ ভিডিঅ’ শ্বেয়াৰ…

বলিউডত অজয় দেৱগানৰ ৩০ বছৰ সম্পূৰ্ণ, পত্নীয়ে কৰিলে বিশেষ ভিডিঅ’ শ্বেয়াৰ…

author-image
asomiyapratidin
New Update
বলিউডত অজয় দেৱগানৰ ৩০ বছৰ সম্পূৰ্ণ, পত্নীয়ে কৰিলে বিশেষ ভিডিঅ’ শ্বেয়াৰ…

ডিজিটেল ডেস্কঃ বলিউডৰ 'সিংঘাম' অজয় দেৱগানে হিন্দী চিনেমা জগতত সম্পূৰ্ণকৰিলে ৩০টা বছৰ। আৰু অভিনেতা গৰাকীৰ আগন্তুক ছবি 'তানাজীঃ দ্য অনছাংগ ৱাৰিয়ৰ'তেওঁৰ জীৱনৰ ১০০ সংখ্যক ছবি। এই উপলক্ষে বলিউডৰ কিং শ্বাহৰুখ খান আৰু অজয় দেৱগানৰপত্নী কাজলে শ্বেয়াৰ কৰিছে এটা বিশেষ ভিডিঅ'।

Advertisment

৩০ বছৰ পূৰ্ব 'ফুল অ'ৰ কাটে' ছবিখনৰ জৰিয়তে ভৰি থোৱা বলিউডৰ এই যাত্ৰা অটুট ৰাখিছে এইগৰাকী অভিনেতাই। অভিনেত্ৰী কাজলে শ্বেয়াৰ কৰা এই ভিডিঅ'টোৰ লগত লিখিছে- '৩০ বছৰ আৰু ১০০খন ছবি। এই সময়ে নিশ্চিতভাৱে এবাৰৰ বাবে অতীতলৈ ঘূৰি যাবলৈ কয়। ফুল অ'ৰ কাটে ছবিখনৰ পৰা আৰম্ভ কৰি জখম, গোলমাল, শিৱায় আৰু এতিয়া তানাজী! মই দেখিছো আপুনি কেনেদৰে নিজৰ জীৱনত আগবাঢ়িছে। আপোনাৰ ছবিজগতৰ এই জন্মদিনৰ বাবে শুভেচ্ছা জনালো।'

২ মিনিটৰ এই ভিডিঅ'টোত অজয় দেৱগানৰপ্ৰায় আটাইকেইখন হিট ছবিৰ দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে। ভগত সিং, ৰাজু চাচা, শিৱায়,গংগাজল, সিংঘম, গোলমাল, প্যাৰ ত' হোনা হি থা, জিগৰকে ধৰি প্ৰায় আটাইকেইখন ছবিৰেকিছু কিছু অংশ দেখিবলৈ পোৱা যায়। ইফালে, অজয় দেৱগানে বলিউডত ৩০ বছৰ সম্পূৰ্ণ কৰাৰবাবে শুভেচ্ছা জনালে অভিনেতা শ্বাহৰুখ খানেও।