আহি আছে ‘বালাকোট’…

আহি আছে ‘বালাকোট’…

author-image
asomiyapratidin
New Update
আহি আছে ‘বালাকোট’…

ডিজিটেল ডেস্কঃ ভাৰতে চলোৱা বালাকোট আক্ৰমণ কাহিনীৰ ওপৰত নিৰ্মাণ হব ছবি। ছবিখনত মুখ্য চৰিত্ৰ হব উইং কামাণ্ডাৰ অভিনন্দন বৰ্তমান। অভিনেতা বিবেক অৱৰয়ে অভিনয় কৰিব অভিনন্দনৰ চৰিত্ৰত। ছবিখনৰ নাম হব 'বালাকোট'। ছবিখন হিন্দীৰ ভাষাৰ লগতে অন্য ২টা ভাষাত নিৰ্মাণ হব।


— Vivek Anand Oberoi (@vivekoberoi) August 23, 2019

সংবাদ মাধ্যমৰ সন্মুখত ছবিখনৰ সন্দৰ্ভত বিবেক অৱৰয়ে কয় যে- মই গৰ্বিত যে এনে এখন ছবিৰ সৈতে মই জড়িত। ছবিখন ৩ টা ভাষাত নিৰ্মাণ কৰা হব। দেশৰ সাহসী জোৱান সকলৰ বিষয়ে জনতাক অৱগত কৰোৱাতো আমাৰ দায়িত্ব। অভিনাতা জনে লগতে কয় যে, ২০২০ৰ শেষৰ ফালে ছবিঘৰলৈ আহিব ছবিখন।