এইবাৰ যোগী চৰকাৰৰো কেৰেলা ষ্টৰীক কৰমুক্ত ঘোষণা...

এইবাৰ যোগী চৰকাৰৰো কেৰেলা ষ্টৰীক কৰমুক্ত ঘোষণা...

সৰ্বত্ৰে বিতৰ্ক অব্যাহত থকাৰ মাজতেই কেৰেলা ষ্টৰীক লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে বৃহৎ ঘোষণা কৰিছে । চিনেমাখনক ৰাজ্যখনত কৰমুক্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে

ডিজিটেল ডেস্কঃ বিৰ্তকই লগ এৰা নাই কেৰেলা ষ্টৰীক । তাৰ মাজতে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে এই চিনেমাখনত ছবিগৃহত চাবলৈ যাব বুলিও মন্তব্য প্ৰদান কৰিছে ।

সৰ্বত্ৰে বিতৰ্ক অব্যাহত থকাৰ মাজতেই কেৰেলা ষ্টৰীক লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে বৃহৎ ঘোষণা কৰিছে । চিনেমাখনক ৰাজ্যখনত কৰমুক্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মঙলবাৰে টুইটাৰ যোগে এই কথা সদৰি কৰিছে যোগী আদিত্য নাথে । অকল উত্তৰ প্ৰদেশে নহয় ইয়াৰ পূৰ্বে মধ্য প্ৰদেশৰ বিজেপি চৰকাৰেও ৰাজ্যখনত চলচ্চিত্ৰখনক কৰমুক্ত ঘোষণা কৰিছিল কৰিছিল ।

তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অহা শুকুৰবাৰে কেবিনেটৰ সৈতে ছবিখন চাবলৈ যোৱাৰ কথাও উল্লেখ কৰিছে ।

অকল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথেই নহয়, সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইয়ো কেৰেলা ষ্টৰী ছবিগৃহত চাবলৈ যাব মত প্ৰকাশ কৰিছে । ১১ মে’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই কেবিনেটৰ সৈতে এই ছবি চাবলৈ ছবিগৃহলৈ যাব ।

শেহতীয়াকৈ দ্যা কাশ্মীৰ ফাইলছক লৈ দেশৰ নেতাসকলে ছবি চাবলৈ চলচ্চিত্ৰ গৃহসমূহলৈ যোৱা দেশবাসীয়ে প্ৰত্যক্ষ কৰিছিল ।

এইবাৰ পুনৰ এখন ছবিক লৈ দেশৰ প্ৰায়সমূহ ৰাজ্যৰ ৰাজনৈতিক নেতাসকলে ছবিখন চাবলৈ যাব বুলি মত প্ৰকাশ কৰিছে যদিও ছবিখনে কিছু ৰাজ্যত নিষিদ্ধ ঘোষণা কৰা হৈছে ।

তামিলনাডুত চলচ্চিত্ৰখনৰ অনুষ্ঠানসমূহ বাতিল কৰাৰ লগতে পশ্চিম বংগৰ চৰকাৰেও চলচ্চিত্ৰখন শেহতীয়াকৈ নিষিদ্ধ কৰিছে ।

যদিওবা চিনেমাক বিনোদনৰ মাধ্যম হিচাৰে গণ্য কৰা হ’য় । শেহতীয়াকৈ দুখন ছবি দ্যা কাশ্মীৰ ফাইলছ আৰু কেৰেলা ষ্টৰীক লৈ ৰাজনৈতিক নেতাই যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া দেখি দেশৰ সচেতন নাগৰিকে চিনেমাটো ৰাজনীতিৰ হাতোৰা পৰা বুলি অভিহিত কৰিছে ।

এইবাৰ যোগী চৰকাৰৰো কেৰেলা ষ্টৰীক কৰমুক্ত ঘোষণা...
কয়লা কেলেংকাৰী, দুগৰাকী বিধায়কসহ এগৰাকী আই এছ বিষয়াৰ মুঠ ৫১ কোটি টকা জব্দ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in