১৬ বছৰৰ অন্তত ছবিজগতত খলকনি তুলিবলৈ আহি আছে ‘তেৰে নাম’…

১৬ বছৰৰ অন্তত ছবিজগতত খলকনি তুলিবলৈ আহি আছে ‘তেৰে নাম’…

author-image
asomiyapratidin
New Update
১৬ বছৰৰ অন্তত ছবিজগতত খলকনি তুলিবলৈ আহি আছে ‘তেৰে নাম’…

ডিজিটেল ডেস্কঃ ২০০৩ চনত মুক্তি পাইছিল ছবিখন, যিখন ছবিয়ে বলিউদৰ ভাইজান চলমান খানক দিছিল অভিনয় জগতত অন্য পৰিচয়। হৃদয়স্পৰ্শী কাহিনী, সুমধুৰ সংগীত আৰু দমদাৰ অভিনয়ৰ বাবে ছবিখনে সকলোৰে অন্তৰত স্থান দখল কৰিবলৈ সক্ষম হৈছিল।  ছবিখনত চলমানৰ হেয়াৰ ষ্টাইলো সেই সময়ত খুব জনপ্ৰিয় হৈছিল। ছবিখনৰ প্ৰায় গোটেইকেইটা গীত এতিয়াও চলচ্চিত্ৰপ্ৰেমী সকলৰ মুখে মুখে।

শেহতীয়াকৈ খবৰ আহিছে যে, চলমান খান অভিনীত এই জনপ্ৰিয় ছবিখনৰ ৰিমেক নিৰ্মাণ কৰা হ'ব। ১৬ বছৰৰ বিৰতিৰ মুৰত ছবিখনৰ পৰিচালক সতীশ কৌশিকে ৰাজহুৱা কৰিছে এই কথা।

প্ৰাপ্ত খবৰ অনুসৰি, ছবিখনৰ সমূহ চৰিত্ৰৰ নাম একে থাকিব। এই বৰ্ষৰ শেষৰ ফালে আৰম্ভ হ'ব শ্বুটিঙৰ কাম। ছবিখনৰ সন্দৰ্ভত পৰিচালক গৰাকীয়ে সংবাদমাধ্যমক কয়, 'অচিৰেই ছবিৰ কাম আৰম্ভ হ'ব। ইতিমধ্যে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে। সবিশেষ অৱগত কৰা হ'ব।'  উল্লেখ্য যে, বৰ্তমান পৰিচালক সতীশ কৌশিক আৰু চলমান খানে একেলগে কাম কৰি আছে 'ভাৰত' ছবিখনত।