/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/aditya-narayan-first-sung-a-song-in-assamese-when-his-age-was-just-3.jpg)
ডিজিটেল ডেস্কঃ ৩ বছৰ বয়সতে প্ৰথম অসমীয়া গান গাইছিল আদিত্য নাৰায়ণে। সেই কথা আমি কোৱা নহয়, ক'লে আদিত্যৰ মাতৃয়ে। এতিয়া চৰ্চাত আদিত্য নাৰায়ণ। ইণ্ডিয়ান আইডলৰ এংকৰৰ ভূমিকা পালন কৰা আদিত্য নাৰায়ণ আৰু কণ্ঠশিল্পী নেহা কক্কৰৰ প্ৰেমক লৈ চলিছে সৰৱ চৰ্চা। ভেলেন্টাইন ডে'ৰ দিনা ইণ্ডিয়ান আইডলৰ মঞ্চত দুয়ো বিবাহপাশত আবদ্ধ হোৱা এক ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। অৱশ্যে সেয়া আছিল ড্ৰামা। উদিত নাৰায়ণৰ পুত্ৰ আদিত্য নাৰায়ণ এগৰাকী সুকণ্ঠৰ গায়ক।
জনপ্ৰিয় আন এটা ৰিয়েলিটি শ্ব' কমেডি নাইট উইথ কপিললৈ অতিথি হৈ আহিছিল উদিত নাৰায়ণৰ পৰিয়াল। উদিত নাৰায়ণৰ পত্নী দীপা নাৰায়ণ আৰু আদিত্য নাৰায়ণ উপস্থিত থকা সেই ৰিয়েলিটি শ্ব' টোতে কপিল শৰ্মাই সুধিছিল এক প্ৰশ্ন। য'ত দীপা নাৰায়ণক কপিলে সোধা প্ৰশ্নটো আছিল পুত্ৰ আদিত্য নাৰায়ণৰ সংগীতৰ প্ৰতি থকা ৰাপৰ কথা তেওঁ কেনেকৈ জানিছিল। তেতিয়া আদিত্যৰ মাতৃ দীপাই কৈছিল এই কাহিনীটো।
হিন্দীৰ লগতে আঞ্চলিক ভাষাৰ গীত গোৱা উদিত নাৰায়ণ এবাৰ অসমলৈ আহিছিল। এটা অসমীয়া গানৰ ৰেকৰ্ডিং কৰিছিল উদিত নাৰায়ণে। লগত গৈছিল ৩ বছৰীয়া পুত্ৰ আদিত্য নাৰায়ণ। ৰেকৰ্ডিং কৰি ঘৰলৈ ঘূৰি যোৱাৰ সময়ত তেতিয়াৰ কণমানি পুত্ৰ আদিত্য নাৰায়ণে ঘৰলৈ গৈ সেই গানটো গুনগুনাইছিল। অসমীয়া ভাষা নুবুজিলেও সুৰ-তাল ৰক্ষা কৰি আদিত্যই গাইছিল সেই গীত। আৰু মাতৃয়ে গম পাইছিল পিতৃৰ দৰে পুত্ৰ আদিত্য নাৰায়ণৰো আছিল সেই প্ৰতিভা।