/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/face-417970-vidya-sinha.jpg)
ডিজিটেল ডেস্কঃ বলিউডৰ একালৰ মোহময়ী অভিনেত্ৰী বিদ্যা সিনহা আৰু নাই। ৭১ বছৰ বয়সত মুম্বাইত মৃত্যু হ'ল অভিনেত্ৰীগৰাকীৰ। বৃহস্পতিবাৰে দুপৰীয়া মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। এসময়ত যথেষ্ট জনপ্ৰিয় আছিল এই অভিনেত্ৰীগৰাকী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/15vidya-sinha-1.jpg)
১৯৭৪চনত মুক্তি পোৱা ৰজনীগন্ধা ছবিৰ নায়িকা আছিল বিদ্যা সিনহা। দেওবাৰে তেওঁক ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত। শ্বাসপ্ৰশ্বাসজনীত ৰোগত ভোগি আছিল অভিনেত্ৰীগৰাকীয়ে। ১৮ বছৰ বয়সতে বলিউডত ভৰি থৈছিল অভিনেত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/vidya-sinha-1_081019085741.jpg)
প্ৰথম মডেল হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল তেওঁ। 'চোটী চি বাট', 'পতি, পত্নী ঔৰ ৱ'হ' আদি ছবিৰ বাবে তেওঁ দৰ্শকৰ পৰিচিত হৈ পৰিছিল। ৰজনীগন্ধা ছবিখন আছিল তেওঁৰ অন্যখন সফল ছবি। সৰু পৰ্দাতো তেওঁ আছিল অতি জনপ্ৰিয়। কেইবাখনো ধাৰাবাহিকত তেওঁ অভিনয় কৰিছিল। তাৰ ভিতৰত 'কুলফী কুমাৰ বাজেৱালা', 'কুবুল হে' আৰু একতা কাপুৰৰ 'কাব্যঞ্জলী' আছিল অন্যতম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/maxresdefault-1024x576.jpg)
১৯৮৬চনত 'জীভা' ছবিখনৰ পাছত তেওঁ দীৰ্ঘদিন বলিউডৰ পৰা আঁতৰি আছিল। তাৰপাছত ২০১১চনত তেওঁক দৰ্শকে দেখা পাইছিল ছলমান খানৰ বডীগাৰ্ডত। ১৯৪৭চনৰ ১৫ নবেম্বৰত জন্ম হৈছিল বিদ্যা সিনহাৰ। 'বহু ৰাণী', 'হম দ' হে না' আদি ধাৰাবাহিকত তেওঁ অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা আন ছবিখনৰ ভিতৰত 'হাৱাছ', মেৰা জীৱন, ইনকাৰ, জীৱনমুক্তি, কিতাপ, কৰম, মমতা, তোমাহাৰে লীয়ে, মীৰা, লাভ ষ্ট'ৰী আদি আছিল অন্যতম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/file76o7x9sgvt119lh5q2bf-1565863271.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us