/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/13_10_2019-neha_modi_19663570.jpg)
ডিজিটেল ডেস্কঃ ভোজপুৰী চিনেমাজগতৰ এগৰাকী অভিনেত্ৰীয়ে ফেচবুকযোগে প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ মোডীৰ পৰা বিচাৰিছে এটা সহায় । কান্দি আউলি-বাউলি হৈ পৰা অভিনেত্ৰীগৰাকী হৈছে নেহা বঞ্চল। ফেচবুকযোগে নেহাই প্ৰধানমন্ত্ৰীক আহ্বান জনাইছে যে- মোক অতি সোনকালে ৰক্ষা কৰক, নহলে মই মৰি যাম। ফেচবুকত এই ভিডিঅ আপলোড কৰাৰ পাছতে এতিয়া সমগ্ৰ ছচিয়েল মিডিয়াতে ভিডিঅটো ভাইৰেল হৈ পৰিছে।
ভোজপুৰী অভিনেত্ৰী গৰাকীয়ে ফেচবুকৰ ভিডিঅটোত জনাইছে যে- যোৱা ৬ মাহৰ পূৰ্বে তেওঁৰ বিয়া হৈছিল এজন আমৰিকাৰ নাগৰিকৰ সৈতে। অভি্ভাৱক নোহোৱাৰ বাবে বিয়াৰ পাচতে নেহাই বিক্ৰী কৰিছিল নিজৰ ঘৰ-দুৱাৰ। ঘৰ-দুৱাৰ বিক্ৰী কৰা কিছু দিনৰ পাচতে নেহাক এৰি স্বামী এতিয়া সন্ধানহীন। নেহাৰ সৈতে কাজিয়া কৰি ঘৰৰ পৰা ওলাই যোৱা স্বামীয়ে আৰু কোনোদিন ঘূৰি নহাৰ কথা কোৱাৰ লগতে এই বিষয়ৰ সন্দৰ্ভত ভাৰত চৰকাৰেও একো কৰিব নোৱাৰে বুলি কৈ গৈছে নেহাক।
নেহাই ফেচবুকযোগে নৰেন্দ্ৰ মোডীক আহ্বান কৰি কয় যে, মোক যেনেতেনে উদ্ধাৰ কৰক, মোক ন্যায় লাগে। মই সকলো হেৰুৱাইছো। অনুগ্ৰহ কৰি মোৰ স্বামীক আমেৰিকালৈ যাবলৈ নিদিব। মই ভাৰতীয় হোৱাৰ বাবেই স্বামীয়ে মোৰ সৈতে বিবাহ বিচ্চেদ কৰিছে। গতিকে ইয়াৰ ওপৰত আপুনি প্ৰধানমন্ত্ৰী হিচাপে উচিত ব্যৱস্থা গ্ৰহণ কৰক।