/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/10/kangana-ranawat.jpg)
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট পুনৰ আলোচনাক কেন্দ্ৰ হৈ পৰিছে আৰু সমস্যাই এতিয়াও পিছ এৰা নাই কংগনাক। কৰ্ণাটকৰ এফআইআৰ পিছত এতিয়া মুম্বাইৰ বান্দ্ৰা আদালতত অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে সাক্ষাৎকাৰৰ জৰিয়তে সম্প্ৰীতিৰ ঘৃণা বিয়পোৱাৰ অভিযোগত আন এখন এফআইআৰ পঞ্জীয়নৰ নিৰ্দেশ প্ৰদান কৰিছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, মুন্না ভৰালী আৰু ছাহিল আছৰফ ছৈয়দ নামৰ আৱেদনকাৰীসকলে আদালতত এখন আবেদন দাখিল কৰিছিল, য'ত কংগনাই টুইটৰ বিৰুদ্ধে উচতনীমূলক মন্তব্য দিয়াৰ অভিযোগ উত্থাপিত হৈছিল।
মিডিয়া প্ৰতিবেদনত কোৱা হৈছে যে, কংগনাই তেওঁৰ টুইটাৰ আৰু টিভি চেনেলৰ সাক্ষাৎকাৰৰ যোগেৰে হিন্দু আৰু মুছলমান শিল্পীসকলৰ মাজত বিভেদ সৃষ্টি কৰিছে। আদালতৰ নিৰ্দেশ আৰু এই এফআইআৰ দাখিল কৰাৰ পিছত কংগনাৰ সমস্যা অধিক বৃদ্ধি হ'ব পাৰে।