কলকাতাৰ এখন পূজা মণ্ডপত আন দেৱ-দেৱীৰ লগতে অভিনেতা চনু সুদৰ মূৰ্তি …

কলকাতাৰ এখন পূজা মণ্ডপত আন দেৱ-দেৱীৰ লগতে অভিনেতা চনু সুদৰ মূৰ্তি …

author-image
asomiyapratidin
New Update
কলকাতাৰ এখন পূজা মণ্ডপত আন দেৱ-দেৱীৰ লগতে অভিনেতা চনু সুদৰ মূৰ্তি …

ডিজিটেল ডেস্কঃ কলকাতাৰ এখন দুৰ্গা পূজা সংমিতিয়ে ইয়াৰ পূজা মণ্ডপত আন দেৱ-দেৱী সকলৰ লগতে চনু সুদৰো এটা মূৰ্তি স্থাপন কৰিছে।সমিতিখনে পূজাৰ বেদীত অভিনেতাজনৰ মূৰ্তি স্থাপন কৰি দৰাচলতে তেওঁক ঈশ্বৰৰ  মৰ্যদা প্ৰদান কৰিছে।

Advertisment

সমিতিখনৰ এজন সদস্যই মানুহে তেওঁৰ অনুপ্ৰেৰণাৰে দৰিদ্ৰ সকলক যাতে সহায় কৰিব পাৰে তাৰ বাবেই তেওঁক মূৰ্তি সাজি ভগৱানৰ মৰ্যদা দিয়া হৈছে বুলি মন্তব্য কৰিছে। উল্লেখযোগ্য যে, বলীউডৰ অভিনেতা চনু সুদে কৰুনা মহামাৰী সময়ত দুখীয়া জনসাধাৰণক আগৱঢ়োৱা সহায়ৰ বাবে অধিক জনপ্ৰিয় হৈ পৰিছিল। তেওঁ মানুহক তেওঁলোকৰ ঘৰলৈ যাবলৈ পৰিবহনৰ ব্যৱস্থা কৰাই নহয়, তেওঁলোকৰ কামৰো ব্যৱস্থা কৰি দিছিল।


— sonu sood (@SonuSood) October 21, 2020

অভিনেতাজনে কেৱল দেশতে নহয়, বিদেশতো মানুহক সহায় কৰিছিল আৰু মানুহে তেওঁক ঈশ্বৰ বুলি গণ্য কৰিবলৈ আৰম্ভ কৰে। চনু সুদক এবাৰ তেওঁৰ অনুৰাগী 'ভাৰত ৰত্ন' পাব লাগে বুলিও প্ৰসংগ উত্থাপন কৰিছিল।চনু সুদে টুইটাৰ যোগে পূজা মণ্ডপত তেওঁৰ মূৰ্তি সজাৰ খবৰ পায় তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ বুলি উল্লেখ কৰিছে।