জনপ্ৰিয় অভিনেতা কিৰণ কুমাৰৰ দেহত কোভিড-১৯…

জনপ্ৰিয় অভিনেতা কিৰণ কুমাৰৰ দেহত কোভিড-১৯…

author-image
asomiyapratidin
New Update
জনপ্ৰিয় অভিনেতা কিৰণ কুমাৰৰ দেহত কোভিড-১৯…

ফাইল ফটো

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা কিৰণ কুমাৰৰ দেহত ধৰা পৰিছে কোভিড-১৯। দেহত কোৰোনা ধৰা পৰিছে যদিও ভাল খবৰ যে শিল্পীগৰাকীৰ দেহত দেখিবলৈ পোৱা নাই কোৰোনাৰ কোনো লক্ষণ। কিন্তু ১৪ মে'ত এখন হাস্পতাললৈ গৈছিল তেওঁ। হাস্পতালখনত কোৰোনাৰ পৰীক্ষা কৰাটো বাধ্যতামূলক আছিল। সেই অনুসৰিয়ে তেওঁক কোৰোনাৰ পৰীক্ষা কৰা হয়। আৰু কোভিড-১৯ পজিটিভ পোৱা যায়।

বৰ্তমান হ'ম কোৱাৰেন্টাইনতে ৰখা হৈছে শিল্পীগৰাকীক। ঘৰৰ সকলো লোকৰে পৰা তেওঁ পৃথককৈ আছে। মে' ২৬ আৰু ২৭ তাৰিখে তেওঁৰ দ্বিতীয় আৰু তৃতীয়টো পৰীক্ষা সম্পন্ন হ'ব। কিৰণ কুমাৰে জানিবলৈ দিয়া অনুসৰি তেওঁৰ পৰিয়ালৰ বাকী লোকসকল দ্বিতীয় মহলাত থকাৰ বিপৰীতে শিল্পীগৰাকী তৃতীয় মহলাত সামাজিক দূৰত্ব অনুসৰণ কৰি আছে।