/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/11/cfdcb0f7-42a4-44e8-84ed-998bb868a184.jpg)
ডিজিটেল ডেস্কঃবলিউডৰ পাৰ্ফেকশ্যনিষ্ট ৰূপে পৰিচিত জনপ্ৰিয় অভিনেতা আমিৰ খান বৰ্তমান ব্যস্ত তেওঁৰ নতুন ছবি 'লাল সিং ছড্ডা'ৰ শ্বুটিঙত। আমিৰ খানে যেতিয়াই কোনো এখন নতুন ছবিৰ কাম হাতত লয়, তেওঁ সেই ছবিখনক দৰ্শকে আদৰি লোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰে। আৰু যাৰ বাবে তেওঁ বলিউডৰ পাৰ্ফেকশ্যনিষ্ট ৰূপে পৰিচিত।
শেহতীয়াকৈ অভিনেতাগৰাকীয়ে টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰিছে নতুন ছবিখনৰ এখন মোশ্যন পোষ্টাৰ। ছবিখনৰ মোশ্যন পোষ্টাৰত কবিতা পাঠ কৰি থকা হৈছে। আৰু আমিৰ খানে টুইটাৰত লগতে লিখিছে- 'কোনে জানে আমি কাহিনীত আছো নে আমাৰ ভিতৰত কাহিনী…'।
আমিৰ খানৰ এই ছবিখন ২০২০চনৰ ডিচেম্বৰমাহত ছবিগৃহত মুক্তি পাব। উল্লেখ্য যে, হলিউডৰ জনপ্ৰিয় অবিনেতা ট'ম হেংকছ অভিনীত১৯৯৪চনত মুক্তি পোৱা 'ফৰেষ্ট গাম্প' ছবিখনৰে অফিচিয়েল ৰিমেক হ'ব 'লাল সিং ছড্ডা'।হলিউডৰ এই ছবিখনে বক্স অফিচত এক বৃহৎ পৰিমানৰ ধন উপাৰ্জন কৰিছিল আৰু বহু বঁটাও লাভকৰিছিল।