আজিলৈ কোনো বঁটা গ্ৰহণ নকৰাৰ কাৰণ জনালে আমিৰ খানে

আজিলৈ কোনো বঁটা গ্ৰহণ নকৰাৰ কাৰণ জনালে আমিৰ খানে

ডিজিটেল ডেস্ক: বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানৰ অভিনয় দক্ষতাৰ বিষয়ে পুনৰ কোৱাৰ প্ৰয়োজন নাই। সেয়ে হয়তো অনুৰাগীৰ বাবে তেওঁ মিষ্টাৰ পাৰ্ফেক্টচনিষ্ট’।যিকোনো এটা দৃশ্য নিঁখুতভাৱে প্ৰদৰ্শনৰ বাবে এইজন অভিনেতাই কিদৰে নিজকে প্ৰস্তুত কৰে, সেয়া কল্পনাৰো অগোচৰ। নিজৰ চৰিত্ৰটো ফুটাই তুলিবলৈ আমিৰ খানে সম্পূৰ্ণ উলংগ হৈও অভিনয় কৰিছে।

হয়, শেহতীয়া এক অনুষ্ঠানত এই বিষয়ে নিজেই ৰাজহুৱা কৰে অভিনেতাজনে। এই সন্দৰ্ভত তেওঁ প্ৰকাশ কৰা মতে, 'পিকে' ছবিখনত ৰেডিঅ' লোৱা সেই বিশেষ দৃশ্যটোত অভিনয় কৰাৰ সময়ত মোক পৰিচালক ৰাজ কুমাৰ হিৰানীয়ে একেবাৰে ছুটি পেণ্ট এটা পিন্ধিবলৈ দিছিল। কিন্তু সেই পেণ্টটো পিন্ধি মই দৌৰিবলৈ অসুবিধা পাইছিলো।বহু বাৰ চেষ্টা কৰিও মই সেই পেণ্টটো পিন্ধি দৌৰিব পৰা নাছিলো। সেয়েহে, পৰিচালকক মই মোৰ অসুবিধাৰ বিষয়ে জনাই উলংগ হৈয়ে দৃশ্যগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিলো।স্বাভাৱিকতেই মোৰ লাজ লাগিছিল যদিও নিঁখুত অভিনয়ৰ স্বাৰ্থতেই মই এনে কৰিবলৈ বাধ্য হৈছিলো।'

উল্লেখ্য যে, ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শৰ্মা শ্ব' নামৰ অনুষ্ঠানত আন বহু কথাও স্পষ্ট কৰে  আমিৰ খানে।কোনো বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত নথকাৰ বিষয়েও এই অনুষ্ঠানত স্পষ্ট কৰে অভিনেতাজনে। এই সন্দৰ্ভত তেওঁ কয়, ‘সময় বহু মূল্যৱান।সময়ক অবাবদ খৰচ কৰিব নোৱাৰি।’ অনুৰাগীৰ মতে, বলীউডত প্ৰকৃত প্ৰতিভাক সুযোগ নিদিয়াত ক্ষোভ তথা 'নেপটিজম'ৰ বিৰোধীতা কৰিয়েই আমিৰ খানে এই বঁটা প্ৰদান অনুষ্ঠানবোৰৰ পৰা নিজকে আঁতৰাই ৰাখে।

আজিলৈ কোনো বঁটা গ্ৰহণ নকৰাৰ কাৰণ জনালে আমিৰ খানে
ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in